ETV Bharat / state

কাজিৰঙাত বানৰ বিভীষিকা: খাদ্যৰ সংকটত বন্য প্ৰাণী

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱা কাজিৰঙাত খাদ্য আৰু বাসস্থানৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্য প্ৰাণী সমূহে ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷

author img

By

Published : Jul 15, 2020, 7:11 PM IST

কাজিৰঙাত বানৰ বিভীষিকা: খাদ্যৰ সংকটত বন্য প্ৰাণী
কাজিৰঙাত বানৰ বিভীষিকা: খাদ্যৰ সংকটত বন্য প্ৰাণী

কাজিৰঙা, 15 জুলাইঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণী সমূহলৈ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমানো বাঢ়নি পানীৰ কবলত পৰি আছে ৷ উদ্যানখন পানীত ডুব গৈ থকাৰ বাবে খাদ্যৰ সংকটত ভুগিছে বন্য প্ৰাণী সমূহ ।

ইয়াৰ ফলত কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চল আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ওখ স্থানলৈ ঢাপলি মেলিছে বন্য জীৱ জন্তু সমূহে । ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল বিভিন্ন জন্তুৱে ওখ স্থানলৈ ঢাপলি মেলাৰ দৃশ্য ৷

আনহাতে দুদিন ধৰি তিনিটা নাহৰফুটুকী বাঘে আতংকিত কৰি ৰাখিলে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চল । অৱশেষত মানুহৰ ঘৰত আবদ্ধ হৈ পৰিল নাহৰফুটুকী বাঘটো ।

বানপানীত সাতুৰি-নাদুৰি জীৱন ৰক্ষা কৰিব বিছৰা জীৱ জন্তুৱে মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ ইফালে এজনী বাঘে পোৱালি লৈ কাৰ্বি পাহাৰলৈ যাবলৈ লওতেই পোৱালিটো আবদ্ধ হৈ পৰে কুঠৰীৰ এটা ঘৰত। বন বিভাগে পোৱালিটোক মাকে নিব পাৰে বুলি কালিৰে পৰা অপেক্ষা কৰে যদিও পোৱালিটোৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজি উদ্ধাৰ কৰি নিয়ে ।

লগতে পঢ়কঃ বাঢ়নী পানীত ডুবি ছাত্ৰৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.