ETV Bharat / state

এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

author img

By

Published : Jul 1, 2020, 10:06 AM IST

Updated : Jul 1, 2020, 10:54 AM IST

জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বাঢ়নী পানীৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত থকা ওখ স্থান সমূহ প্ৰায় পানীত বুৰ গৈছে ৷ যাৰাবাবে ওখ স্থান বিচাৰি বন্যপ্ৰাণীসমূহে অন্যস্থানলৈ ঢাপলি মেলিছে ৷

এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ
এই পৰ্যন্ত কাজিৰঙাত বানত মৃত্যু ১৪ টা বন্য জীৱৰ

গোলাঘাট, 1 জুলাইঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে বিভীষিকা । বুধবাৰৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পোৱা নাই বাঢ়নী পানী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৰ্তমানো বাঢ়নী পানীৰ কবলত। ইয়াতকৈ অধিক পানী বৃদ্ধি হ'লে হে তচনচ কৰি যাব সমগ্ৰ উদ্যান।

ৰাজ্য খনৰ প্ৰথমটো বানত বুৰ গৈছিল সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰথমটো বানতে মৃত্যু হৈছে উদ্যানখনৰ ১৪ টাকৈ বন্য জীৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩টা বন শিবিৰৰ ভিতৰত বানৰ কবলত পৰিছে ১৪৩ টা বন শিবিৰ। অধিক পানীৰ বাবে ৬টা বন শিবিৰ ইতিমধ্যে খালি কৰা হৈছে। বানৰ ফলত মৃত্যু হোৱা ১৪টা বন্যজীৱৰ ভিতৰত এটা গঁড় আৰু বাকী ১৩টা পহু

পানীৰ বাবে ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত ১৩টা পহু আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে গাড়ীৰ খুন্দাত মৃত্যু হয় এটা পহুৰ । আনহাতে উদ্যানখনৰ এটা বাঘ আঘাতপ্ৰাপ্ত হয়, যদিও উদ্ধাৰ কৰি চিকিৎসাৰ পিছত মুকলি কৰি দিয়ে CWRCয়ে।

KAZARONGA FLOOD UPDATE ETV BHARAT ASSAM
ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা অৱস্থাত কাজিৰঙাৰ বন্যজন্তু

ইয়াৰ উপৰিও দুটা আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ পিছত এৰি দিয়া হয়। উল্লেখযোগ্য যে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ছোৱাত টাইম কাৰ্ডৰ জৰিয়তে বৰ্তমান লৈকে চলাচল কৰিছে ৩৭২১খন গাড়ী । ইয়াৰে ৬২২ খন গাড়ীয়ে নিৰ্দেশ অৱমাননা কৰি ধৰা পৰিছে বন বিভাগে স্থাপন কৰা চেন্সৰত।

লগতে চাওকঃ বানৰ কবলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য

Last Updated : Jul 1, 2020, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.