ETV Bharat / state

কেপ্তেইন জিণ্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস - পাকিস্তানী সেনা

কাৰ্গিল যুদ্ধত দেশৰ 527 গৰাকী বীৰ শ্বহীদৰ মাজৰ এজন আছিল ঘোলাঘাটৰ কেপ্টেইন জিণ্টু গগৈ ৷ প্ৰতি বছৰৰ দৰে সমগ্ৰ দেশৰ লগতে কেপ্তেইন জিণ্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস ।

kargil-vijay-divash-celebrated-in-jintu-gogois-house
কেপ্তেইন জিন্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস
author img

By

Published : Jul 26, 2021, 5:05 PM IST

Updated : Jul 27, 2021, 1:14 AM IST

গোলাঘাট, 26 জুলাই : ১৯৯৯ চনৰ 26 জুলাইৰ দিনটোত ভাৰতীয় সেনা(Indian army)ই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল ৷ সাহসিকতাৰে 60 দিনৰ বাবে যুদ্ধ কৰি চিৰবৈৰী পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা । এই যুদ্ধত শ্বহীদ বৰণ কৰিছিল 527 গৰাকী বীৰ জোৱানে ৷ এই যুদ্ধতে দেশমাতৃক নিজ ৰক্তৰে ৰঞ্জিত কৰি থৈ গৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্তেইন জিণ্টু গগৈয়ে ।

কাৰ্গিলৰ পৰা পাকিস্তানী সেনাক ভাৰতীয় বীৰ জোৱানসকলে আঁতৰাই পঠিওৱাৰ 22 বছৰৰ পিছত সোমবাৰে সমগ্ৰ দেশৰ লগতে কেপ্তেইন জিণ্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত প্ৰত্যেকবাৰৰ দৰে উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস । পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ অনুপস্থিতিত পৰিয়াল আৰু জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস ।

কেপ্তেইন জিণ্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস

লগতে পঢ়ক : Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

শ্বহীদগৰাকীৰ পিতৃ-মাতৃ গুৱাহাটীত ৰাজ্যিকভাৱে উদযাপন কৰা কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ বাবে এইবাৰ নিজৰ বাসগৃহত উদযাপন কৰা বিজয় দিৱসত উপস্থিত থাকিব নোৱাৰিলে ৷

বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচী অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । উল্লেখ্য যে, কেপ্টেইন জিণ্টু গগৈৰ পৰিয়ালে প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছে ৷ কিন্তু, এইবেলি গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আগন্তুক বৰ্ষৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে ৷

লগতে পঢ়ক : কাৰ্গিল বিজয়ৰ দিৱসৰ পূৰ্বে দ্ৰাচ চেক্টৰ পৰিদৰ্শন বিপিন ৰাৱটৰ

Last Updated : Jul 27, 2021, 1:14 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.