ETV Bharat / state

কাৰ্বি পাহাৰত কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য...

author img

By

Published : Jul 29, 2021, 9:57 PM IST

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি পাহাৰৰ পৰা নিগৰি আহিছে কাকচাং জলপ্ৰপাত ৷ জলপ্ৰপাতটোৰ পৰা অবিৰত গতিত নামি অহা জলৰাশি আৰু ইয়াৰ কুলু কুলু শব্দই যেন পুলকিত কৰি তোলে মন-প্ৰাণ ৷ জলপ্ৰপাতলৈ যোৱা বাট-পথ সূচল হ’লেও বৰ্তমানেও জলপ্ৰপাতটো পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব পৰা নাই ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

kakochang-waterfall-filled-with-natural-beauty
কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য

বোকাখাত, 29 জুলাই : প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত কাকচাং জলপ্ৰপাত (Kakochang Waterfall)৷ বোকাখাত আৰু কাৰ্বি আংলঙৰ সীমান্তত অৱস্থিত সৌন্দৰ্যৰে ভৰা এই জলপ্ৰপাতটোৰ পৰা অবিৰত গতিত নামি অহা জলৰাশি আৰু ইয়াৰ কুলু কুলু শব্দই পুলকিত কৰি তোলে মন-প্ৰাণ ৷ অতি দুৰ্গম অঞ্চলত থকা কাকচাং জলপ্ৰপাতলৈ যাবলৈ সম্প্ৰতি কোনো অসুবিধা নহয় পৰ্যটকৰ ৷ কিয়নো পূৰ্বতকৈ যথেষ্ট সূচল হৈছে জলপ্ৰপাতলৈ যোৱা পথ ৷

কৰ’ণা (Corona)ই সমগ্ৰ জগতক স্তব্ধমান কৰিলেও প্ৰকৃতিৰ বিনন্দীয়া ৰূপক ধৰি ৰাখিব কোনে ? প্ৰাকৃতিকভাৱে মহিমামণ্ডিত হৈ নিতৌ মানুহৰ মন-প্ৰাণ আকৰ্ষিত, পুলকিত আৰু ৰোমাঞ্চিত কৰি তোলে এই প্ৰকৃতি সৃষ্ট জলপ্ৰপাতে ৷ বহুদিন ধৰি জনচক্ষুৰ আঁৰত থকা এই কাকচাং জলপ্ৰপাতৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ আগমন ঘটে বহু প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটক (Tourist)ৰ ৷

কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য

অৱশ্যে কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান পৰ্যটকৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে কাকচাং জলপ্ৰপাত ৷ বাট-পথ সূচল হ’লেও বৰ্তমানেও পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব পৰা নাই জলপ্ৰপাতটো । গতিকে পৰৱৰ্তী সময়ত চৰকাৰে কাকচাঙৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দি জলপ্ৰপাতটো পূৰ্ণ পৰ্যায়ৰ পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰিলে ৰাজহ সংগ্ৰহৰ লগতে ইয়াত যথেষ্ট পৰ্যটকৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, উত্তৰ-পূৱ ভাৰত (North East India)ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম কাৰণ হৈছে ইয়াত থকা জলপ্ৰপাতসমূহ ৷ যদি আপুনি গভীৰ অৰণ্য অথবা মনোমোহা জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি এবাৰলৈ হ’লেও যাব পাৰে উত্তৰ-পূৱৰ সাত ৰাজ্যলৈ ৷ নিশ্চয়কৈ ইয়ে আপোনাৰ মন-প্ৰাণ ভৰাই তুলিব ৷

লগতে পঢ়ক : হস্তী-মানৱ সংঘাত ৰোধৰ আশ্বাস নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.