ETV Bharat / state

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই

ভাৰতবৰ্ষৰ ১৬ হেজাৰ পথ অতিক্ৰম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা ভাৰতবৰ্ষৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত বুলি মন্তব্য অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ জ্যোতি ৰংগালাইৰ ৷ এই ভ্ৰমণৰ লক্ষ্য ৩০ হেজাৰ পথ অতিক্ৰম কৰি গ্ৰীনিজ বুকত ৰেকৰ্ড কৰা আৰু উদেশ্য মহিলাৰ বাবে বিভিন্ন ভাৰতবৰ্ষৰ ৰাজপথসমূহ কিমান সুৰক্ষিত সেয়া প্ৰমাণ কৰা ।

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই
author img

By

Published : Sep 14, 2019, 12:13 PM IST

গোলাঘাট, 14 চেপ্তেম্বৰঃ "ভাৰতবৰ্ষৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত। বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয় । অসম এখন শান্তিপূৰ্ণ ৰাজ্য ।" এই মন্তব্য কন্যাকুমাৰীৰ পৰা চাইকেলেৰে ভাৰতবৰ্ষ ভ্ৰমণ কৰা মহিলা জ্যোতি ৰংগালাইৰ। যি সময়ত ভাৰতবৰ্ষত নাৰী সুৰক্ষাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে তেনে সময়তে এগৰাকী মহিলাই কৰা এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ। ভাৰতবৰ্ষৰ ১৬ হেজাৰ পথ অতিক্ৰম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা এই মন্তব্য কৰা বুলিও প্ৰকাশ কৰে অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ জ্যোতি ৰংগালাই ৷ অসমৰ বড়ো আৰু কাৰ্বি আংলঙক লৈ বহিঃ ৰাজ্যত এক আতংকময় পৰিৱেশৰ বিষয়ে প্ৰচাৰিত হৈ আহিছে যদিও তেওঁ তাৰ এক বিপৰীত দৃশ্যহে দেখা পালে বুলি মন্তব্য কৰে ।

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই

জ্যোতি ৰংগালাইৰ এই ভ্ৰমণৰ লক্ষ্য ৩০ হেজাৰ পথ অতিক্ৰম কৰি গ্ৰীনিজ বুকত ৰেকৰ্ড কৰা আৰু উদেশ্য মহিলাৰ বাবে বিভিন্ন ভাৰতবৰ্ষৰ ৰাজপথসমূহ কিমান সুৰক্ষিত সেয়া প্ৰমাণ কৰা। এই উদ্দেশ্যেৰে দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অন্ধ্ৰপ্ৰদেশৰ যুৱতী জ্যোতি ৰংগালাইৰ লক্ষ্য সম্পূৰ্ণ ভাৰতবৰ্ষৰ 30 হেজাৰ কিলোমিটাৰ পথ চাইকেল চলাই এক অভিলেখ ৰচনা কৰা। ইতিমধ্যে জ্যোতি ৰংগালাই 19 খন ৰাজ্য অতিক্ৰম কৰি উপস্থিত হৈছে অসমৰ গোলাঘাটত। ভাৰতৰ ৰাজপথ মহিলাৰ বাবে কিমান সুৰক্ষিত তাকে প্ৰমাণ কৰিবলৈ জ্যোতি ৰংগালাই বিহাৰ, উত্তৰপ্ৰদেশ,উৰিষ্যাৰ চম্বলপুৰ আদি ১৯ খন ৰাজ্য অতিক্ৰম কৰি আহি উপস্থিত হৈছে গোলাঘাটত । অসমৰ লোকসকল অতিথিপৰায়ণ বুলি আখ্যা ৰংগালাৰ। চাইকেলত ৪০ কেজি ওজনৰ বয়-বস্তু লৈ লক্ষ্য ভেদৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে জ্যোতি ৰংগালাই। চাইকেল বেয়া হ'লে নিজেই মেৰামতি কৰে ৰংগালাই। উল্লেখ্য যে,জ্যোতি ৰংগালাইৰ এই যাত্ৰা শেষ হ'ব দিল্লীৰ ইণ্ডিয়া গেটত। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত সমাপ্ত কৰা হ'ব এই যাত্ৰা। এতিয়াও ১৪ হেজাৰ কিলোমিটাৰ বাট চাইকেল চলাব জ্যোতি ৰংগালাই। ইটিভি ভাৰতৰ তৰপৰ পৰাও শুভেচ্ছা থাকিল জ্যোতি ৰংগালালৈ, নিজ লক্ষ্য সমাপ্ত কৰি ভাৰতবৰ্ষ নাৰীৰ বাবে যে সুৰক্ষিত সেয়া প্ৰতিপন্ন কৰিব পাৰে যাতে জ্যোতি ৰংগালাই।

Intro:ভাৰতবৰ্ষৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত। বৰ্হি ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়। অসম এখন শান্তিপূৰ্ণ ৰাজ্য। এই মন্তব্য কন্যাকুমাৰীৰ পৰা চাইকেলেৰে ভ্ৰমণ কৰা মহিলা জ্যোতি ৰংগালাইৰ। যি সময়ত ভাৰতবৰ্ষত নাৰী সুৰক্ষাক লৈ বিভিন্নজনে প্ৰশ্ন উৎথাপন কৰি আহিছে তেনে সময়তে এগৰাকী মহিলাই কৰা এই মন্তব্য সচাকৈয়ে তাৎপৰ্যপূৰ্ণ। জ্যোতি ৰংগালাই নামৰ এই দুসাহসী মহিলা গৰাকীয়ে ভাৰতবৰ্ষৰ ১৬ হেজাৰ পথ অতিক্ৰম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা এই মন্তব্য কৰা বুলিও প্ৰকাশ কৰে। অসমৰ বড়ো আৰু কাৰ্বি আংলংক লৈ বহি: ৰাজ্যত এক আতংকময় পৰিৱেশৰ বিষয়ে প্ৰচাৰ হৈ আহিছে, কিন্তু তেওঁ এক বিপৰীত দৃশ্যহে দেখা পালে বুলি মন্তব্য। সেয়ে সকলোকে আহ্বান শুনা কথাত ভুল যাব নেলাগে। অসম এখন সচাকৈয়ে শান্তি প্ৰিয় ৰাজ্য, অসমৰ লোক অতিথি পৰায়ন।Body:লক্ষ্য ৩০ হেজাৰ পথ অতিক্ৰম কৰি গ্ৰীনিজ বুকত ৰেকৰ্ড কৰা আৰু উদেশ্য মহিলাৰ বাবে কিমান সুৰক্ষিত ভাৰতবৰ্ষৰ ৰাজপথ। এই উদ্দেশ্যৰে দক্ষিণ ভাৰতৰ কণ্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অন্ধ্ৰপ্ৰদেশৰ যুৱতী জ্যোতি ৰংগালাৰ লক্ষ্য সম্পূৰ্ণ ভাৰতবৰ্ষত 30 হেজাৰ কিলোমিটাৰ চাইকেল চলাই এক অভিলেখ ৰচাৰ। ইতিমধ্যে 19খন ৰাজ্য অতিক্ৰম কৰি উপস্থিত হৈছে অসমৰ গোলাঘাটত। অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ জ্যোতি ৰংগালা নামৰ এইগৰাকী যুৱতীয়ে ভাৰতত বিমুদ্ৰাকৰণৰ সময়তে অজুত সপোন চকুত লৈ যাত্ৰা অব্যাহত ৰাখিছে দুই পেডেলৰ জৰিয়তে। ভাৰতৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত তাকে প্ৰমাণ কৰিবলৈ জ্যোতি ৰংগালাই বিহাৰ, উত্তৰপ্ৰদেশ, উৰিষ্যাৰ চম্বলপুৰ আদি ১৯খন ৰাজ্য অতিক্ৰম কৰি আহি উপস্থিত হৈছে গোলাঘাটত। গোলাঘাটত আহিয়েই ৰংগালায়ে কলে ভাৰতৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত। ইয়াৰ উপৰিও অসমৰ বড়ো, কাৰ্বি আংলংক লৈ অসমৰ বাহিৰত যিদৰে প্ৰচলিত তাৰ বিপৰীত দেখা পালে ৰংগালায়ে। অসমৰ কাৰ্বি আংলং জিলা উগ্ৰপন্থী আৰু সিংহাত্মক বুলি বাহিৰত প্ৰচলিত, সেইবাবে শুনা কথাত বিশ্বাস নকৰিবলৈ আহ্বান ৰংগালাৰ। অসমৰ লোক অতিথি পৰায়নৰ আখ্যা ৰংগালাৰ। উত্তৰ-পূৰ্বাঞ্চলত মহিলা আৰু পুৰুষক সম অধিকাৰ প্ৰদান কৰা হয়, উত্তৰ-পূৰ্বাঞ্চলত পুৰুষ আৰু মহিলাৰ ভেদা ভেদ নাই বাবে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক ভাল পাই জ্যোতি ৰংগালায়ে। হাতত এটকাও নথকাকে গোটেই ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰিছে ৰংগালায়ে। চাইকেলত ৪০ কেজি ওজনৰ বয়-বস্তু লৈ লক্ষ্য ভেদৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে জ্যোতি ৰংগালাই। চাইকেল বেয়া হ'লে নিজেই মেৰামতি কৰে ৰংগালাই। লক্ষ্য আৰু উদ্দেশ্য লৈ ভাৰত ভ্ৰমণৰ এই যাত্ৰা শেষ হ'ব দিল্লীৰ ইণ্ডিয়া গেটত। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত সমাপ্ত কৰা হ'ব এই যাত্ৰা। এতিয়াও ১৪ হেজাৰ কিলোমিটাৰ বাট চাইকেল চলাব জ্যোতি ৰংগালাই। আমাৰো শুভেচ্ছা থাকিল জ্যোতি ৰংগালালৈ, নিজ লক্ষ্য সমাপ্ত কৰি ভাৰতবৰ্ষ নাৰীৰ বাবে যে সুৰক্ষিত তাকে প্ৰমাণ কৰি দেখুৱাওক জ্যোতি ৰংগালাই। গোলাঘাট জিলা ক্ৰীড়া সন্থাই গামোচা, এটা কাঠৰ গড় প্ৰদান কৰি আদৰণি জনাই জ্যোতি ৰংগালাক।Conclusion:Byte 1: জ্যোতি ৰংগালা।
Byte 2: জ্যোতি ৰংগালা।
Byte 3: গোলাঘাট জিলা ক্ৰীড়া সন্থা, ববীয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.