ETV Bharat / state

মাছৰ পোনা ব্যৱসায়েৰে দেখুৱাইছে অসমীয়া যুৱকে দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ বাট

প্ৰায় 16 বিঘা মাটিত কেইবাটাও পুখুৰী খান্দি ৪০ লাখতকৈও অধিক বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি বিক্ৰীৰ বাবে মুকলি কৰি দিছে দীপেন চুতীয়াই ৷আনহাতে এই মাছৰ পোনা বিক্ৰী ব্যৱসায়ত নিয়োজিত কৰিছে গাঁওৰে 10 জনকৈ অসমীয়া যুৱকক ৷

juvenile fish business by Assamese youth
স্বনিৰ্ভৰশীলতাৰে নিজক আগুৱাই নিয়াৰ প্ৰয়াস
author img

By

Published : May 20, 2020, 5:18 PM IST

সৰুপথাৰ,20মে':চাকৰিলৈ বাট নাচায় স্বনিৰ্ভৰশীলতাৰে নিজক আগুৱাই নিয়াৰ প্ৰয়াস গোলাঘাট জিলাৰ এগৰাকী ব্যক্তিৰ৷এক যোগাত্মক চিন্তাৰে উৎকৃষ্ট নিদৰ্শন দেখুৱা ব্যক্তিগৰাকী হ'ল গোলাঘাট জিলাৰ ৰেংমা গাঁওৰ উচ্চশিক্ষিত দীপেন চুতীয়া৷লক ডাউন অব্যাহত থকাৰ সময়তে প্ৰায় 16 বিঘা মাটিত কেইবাটাও পুখুৰী খান্দি ৪০ লাখতকৈও অধিক বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰি বিক্ৰীৰ বাবে মুকলি কৰি দিছে দীপেন চুতীয়াই ৷আনহাতে এই মাছৰ পোনা বিক্ৰী ব্যৱসায়ত নিয়োজিত কৰিছে গাঁওৰে 10 জনকৈ অসমীয়া যুৱকক ৷ উল্লেখযোগ্য যে, ব্যক্তিগৰাকীয়ে কেৱল মাছৰ পোনা ব্যৱসায়েই নহয় ইয়াৰ সমান্তৰালভাৱে আছে ব্ৰয়লাৰ ফাৰ্ম, বৃহৎ পান আৰু ধান খেতি ৷

মাছৰ পোনা বিক্ৰী ব্যৱসায়ত নিয়োজিত কৰিছে গাঁওৰে 10 জনকৈ অসমীয়া যুৱকক

ইপিনে স্বনিয়োজনৰ লগতে বহুতৰে আদৰ্শ হোৱা দীপেন চুতীয়াৰ পদক্ষেপসমূহক দিহা পৰামৰ্শৰে সহযোগিতা কৰিছে দীপেন চুতীয়াৰ তিনি ভাতৃয়েও ৷

লগতে পঢ়কঃকোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.