ETV Bharat / state

লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান

গোলাঘাটৰ লেটেকুজান চাহ বাগিচাত হাতী-মানুহৰ সংঘাত ৰোধৰ কৰাৰ বাবে আগতীয়া পদক্ষেপ গ্ৰহণ কৰিলে বনৰক্ষী বাহিনী আৰু আৰক্ষীয়ে ৷ আৰক্ষী আৰু বনৰক্ষীয়ে গাড়ী চাইৰেণ আৰু শূণ্যলৈ গুলী চালনা কৰি খাদ্য সন্ধানত ওলাই অহা এটা বন্যহস্তী জাকক বনাঞ্চললৈ খেদি পঠিয়ায় ৷

elephant-man conflict
লেটেকুজান চাহ বাগিচাত যৌথ অভিযান আৰক্ষী আৰু বনৰক্ষীৰ
author img

By

Published : Jun 11, 2021, 8:15 AM IST

গোলাঘাট, 11 জুন : গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰায় সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত ৷ এই সংঘাতত এতিয়ালৈকে কুৰিৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে বন্যহস্তীয়েও বিভিন্ন জনৰ ঘৰ, সা-সাম্প্ৰত্তি ধ্বংস কৰি আহিছে ৷

হাতী মানুহৰ সংঘাতৰ প্ৰতি লক্ষ্য ৰাখিয়ে এক আগতীয়া পদক্ষেপ গ্ৰহণ কৰে লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীয়ে ৷ গোলাঘাটৰ লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষীয়ে গাড়ী চাইৰেণ আৰু শূণ্যলৈ গুলী চালনা কৰি খাদ্য সন্ধানত উলাই অহা এটা বন্যহস্তী জাকক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷

লেটেকুজান চাহ বাগিচাত যৌথ অভিযান আৰক্ষী আৰু বনৰক্ষীৰ

বনৰক্ষী আৰু আৰক্ষীয়ে সাংবাদিকৰ আগত সদৰি কৰা মতে একাংশ অসচেতন লোকৰ কু-কাৰ্যৰ বাবে গোলাঘাটৰ লেটেকুজান চাহ বাগিচাৰ লগতে বিভিন্ন স্থানত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে ৷ এই কু-কাৰ্যৰ বাবে বনৰক্ষীয়েও হাতী-মানুহৰ সংঘাত ৰোধ তথা জনাঞ্চললৈ উলাই অহা বন্যহস্তীক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ বহু সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় বুলিও মন্তব্য কৰে বনৰক্ষীয়ে ৷

"যেতিয়া আশ্ৰয় তথা খাদ্য সন্ধানত এটা বন্যহস্তী জাক জনাঞ্চলৰ দিশে গতি কৰে তেতিয়াই একাংশ লোকে শিল দলিওৱা, অগ্নি সংযোগ, শেল নিক্ষেপ কৰা আদি কাৰ্যৰে বন্যহস্তীৰ মনত অশান্তি সৃষ্টি কৰে ৷ যাৰ ফলস্বৰূপে সেই খঙতে ৰাতি বন্যহস্তী জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি আক্ৰমণ চলায় ৷" সাংবাদিকৰ আগত এইদৰে কয় বনৰক্ষীয়ে ৷ এই পৰিপেক্ষিততে গোলাঘাটৰ লেটেকুজান চাহ বাগিচাত বন্যহস্তীক খেদি পঠিওৱাৰ আগতীয়া পদক্ষেপ গ্ৰহণ কৰিলে বনৰক্ষী আৰু আৰক্ষীয়ে ৷

লগতে পঢ়ক:ৰূপহীহাট কাণ্ডৰ তদন্তত নামিল খোদ এছ পি আনন্দ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.