খুমটাই, 3 ছেপ্টেম্বৰ : খুমটাইৰ ভোলাগুৰিৰ কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী মন্দিৰা তামুলীৰ দ্বিতীয় কাব্য গ্ৰন্থ "দুঃসময়ৰ ইতিহাস" শুভ উন্মোচনী সভা অনুষ্ঠিত হয় । এই সভাখনি অনুষ্ঠিত হয় কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত ।
খুমটাই সমীপৰ ভোলাগুৰিৰ কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী তথা কবি মন্দিৰা তামুলীৰ দ্বিতীয়খন কাব্য গ্ৰন্থ "দুঃসময়ৰ ইতিহাস" গ্ৰন্থখনি আজি উন্মোচন কৰে । ভোলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অধ্যক্ষা পূৰ্ণিমা তামুলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই কবি মন্দিৰা তামুলীৰ কাব্যগ্ৰন্থ "দুঃসময়ৰ ইতিহাস" নামৰ গ্ৰন্থখনি উন্মোচন কৰে ।
উল্লেখ যে লকডাউনৰ মাজতে শিক্ষয়িত্ৰী,কবিগৰাকীৰ আন্তৰিক প্ৰচেষ্টাক সকলোৱে শলাগ লয় । বিশিষ্ট অতিথি হিচাপে কবি দিলীপ তাঁতী,সমাজ কৰ্মী তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সিদ্ধনাথ গগৈয়ে বক্তব্য প্ৰদান কৰাৰ লগতে উপস্থিত থাকে । গ্ৰন্থ উন্মোচনী সভাখনত আপকু গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁইকে প্ৰমূখ্য কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক : লংকাৰ পৰা নিৰুদ্দেশ বাপন পাল নামৰ যুৱক