গোলাঘাট, ৩ মাৰ্চ : গোলাঘাটত শনিবাৰে সন্ধিয়া মুকলি কৰা হয় প্ৰকৃতিবিদ পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয় । ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ ৰবি কোট্ৰাই মুকলি কৰে এই সংগ্ৰহালয়টো । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা বেনাৰ্জীৰ এই সংগ্ৰহালয়টোক পূৰ্ণতাৰ ৰূপ দি শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ডাঃ ৰবীন বেণাৰ্জী ট্ৰাষ্টে । উক্ত অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং ,প্ৰকৃতিপ্ৰেমী তথা সাংবাদিক মুবিনা আখটাৰ , গোলাঘাট জিলা উপায়ুক্ত ধীৰেণ হাজৰিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
মুকলি হ'ল ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয় - ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয়
ডাঃ ৰবীন বেনাৰ্জী ট্ৰাষ্টে পূৰ্ণ ৰূপ দিলে সংগ্ৰহালয়টোক
![মুকলি হ'ল ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয়](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2594280-714-0a9f0dc1-77f0-4cc1-85ea-a4723288aa4f.jpg?imwidth=3840)