ETV Bharat / state

গোলাঘাটত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদ

author img

By

Published : Sep 10, 2022, 12:25 PM IST

Updated : Sep 10, 2022, 1:01 PM IST

গোলাঘাটত এটা আঘাতপ্ৰাপ্ত হাতীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদে সকলোকে বিমৰ্ষ কৰি তুলিছে (injured elephant shouted in Golaghat) । যোৱা কিছুদিন ধৰি হাতীটোৱে যন্ত্ৰণাত আৰ্তনাদ কৰি ফুৰিছে গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ আশেপাশে (elephant injured in Nambor Doigrong forest Golaghat) ।

Golaghat
Golaghat

গোলাঘাট, 10 ছেপ্টেম্বৰ : মানুহৰ অবিবেচক কাণ্ডই প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে (inconsiderate acts of man adversely affected nature) । লগতে বন্য জীৱকুলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে । এটা কথা সকলোৱে জানো যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰকৃতিত প্ৰতিটো জীৱৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে (Balance of Nature) ।

গোলাঘাটত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদ

সুস্থ পৰিৱেশতন্ত্ৰ বজাই ৰাখিবৰ বাবে প্ৰতিটো জীৱয়ে তাত অৱদান আগবঢ়ায় । কিন্তু মানুহৰ স্বাৰ্থপৰতা আৰু অবিবেচক কাৰ্যৰ বাবে এই পৰিৱেশতন্ত্ৰত আঘাত পৰিছে (affect on eco system) । তাৰেই শেহতীয়া উদাহৰণ হস্তী-মানুহৰ সংঘাত । অৰণ্য ধ্বংসৰ বাবে বিচৰণ ভূমি কমি যোৱা আৰু খাদ্যৰ সংকটৰ বাবে হস্তীকুলে জন-অৰণ্যলৈ ওলাই আহিবলৈ বাধ্য হৈছে ।

যাৰ বাবেই সৃষ্টি হৈছে হস্তী-মানুহৰ সংঘাত (man elephant conflict) । বনাঞ্চল এৰি জনাঞ্চললৈ অহা এই বন্যহস্তীয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত ধন-জনৰ ক্ষতি কৰিছে । আনহাতে, বহু ক্ষেত্ৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ হাতীয়ে আঘাতপ্ৰাপ্ত হোৱা অথবা মৃত্যু পৰ্যন্ত ঘটনা সংঘটিত হৈছে ।

শেহতীয়াভাৱে গোলাঘাটত এটা আঘাতপ্ৰাপ্ত হাতীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদে সকলোকে বিমৰ্ষ কৰি তুলিছে (injured elephant shouted in Golaghat) । যোৱা কিছুদিন ধৰি হাতীটোৱে যন্ত্ৰণাত আৰ্তনাদ কৰি ফুৰিছে গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ আশেপাশে (elephant injured in Nambor Doigrong forest Golaghat) ।

আঘাতপ্ৰাপ্ত হাতীটোৱে যেনিয়ে-তেনিয়ে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে । হাতীটোৰ চিকিৎসাৰ প্ৰয়োজন যদিও বন বিভাগৰ কোনো খা-খবৰ নাই । উল্লেখ্য, বকিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ নিচেই সমীপৰ বগীঢলা অঞ্চলত বৰ্তমান হাতীটোৱে যন্ত্ৰণাত চটফটাই ফুৰিছে । এটা বৃহৎ হাতীৰ জাকৰ মাজত আছে উক্ত আঘাতপ্ৰাপ্ত হাতীটো ।

আনহাতে, হাতীটোৰ মৰণকাতৰ আৰ্তনাদ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে (people urged to treatment injured elephant) । ভালকৈ খোজ কাঢ়িবও নোৱাৰা হাতীটোক বৰ্তমান চিকিৎসাৰ প্ৰয়োজন । সেয়ে স্থানীয় ৰাইজৰ বন বিভাগৰ লোকৰ প্ৰতি আহ্বান, শীঘ্ৰেই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক আঘাতপ্ৰাপ্ত হাতীটোৰ । উল্লেখ্য যে যন্ত্ৰণাৰ মাজতে হাতীটোৱে জনাঞ্চললৈকেও ওলাই আহি বিচৰণ কৰি ফুৰিছে ।

যাৰ ফলত যিকোনো সময়তে বিপদৰ আশংকা কৰা হৈছে । উল্লেখ্য, পূৰ্বতেও উক্ত অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ সৈতে সংঘাতৰ বলি হৈছে বিভিন্নজন ।

লগতে পঢ়ক :দুলুং বনাঞ্চলৰ মাটি এৰি নিদিয়াৰ হুংকাৰেৰে ৰাইজৰ অৱস্থান ধৰ্মঘট

Last Updated : Sep 10, 2022, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.