খুমটাই,14আগষ্টঃ সমগ্ৰ দেশতে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতিৰ কাম চলিছে যদিও সমগ্ৰ দেশতে মহামাৰী ক'ৰণা ভাইৰাছৰ বাবে পূৰ্বতকৈ এইবাৰ জনসাধাৰণৰ মাজত উৎসাহ কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা গৈছে।
![Independence day celebration preparation at khumtai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8416831_thumabinal_3x2_as.jpg)
ইপিনে খুমটাইৰ যোগীবাৰী গ্ৰাম্য পয্যটন প্ৰকল্পত বিধায়ক মৃনাল শইকীয়াই স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে প্ৰকল্পৰ বিভিন্ন স্থান সমূহ ন ৰূপত সজাই পৰাই তুলিছে। শনিবাৰে উক্ত স্থানত পুৱা ৮ বজাত ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব বিধায়ক গৰাকীয়ে। ইয়াৰ লগত সংগতি ৰাখি বহু কেইটা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে ।