ETV Bharat / state

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

author img

By

Published : Nov 23, 2019, 8:48 PM IST

সুৰামুক্ত ৰাজ্য নাগালেণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং বজাৰ । 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ হয় অৰুণাচলী সুৰা ৷

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

গোলাঘাট, 23 নৱেম্বৰঃ পেৰা মিলিটেৰীৰ নামত অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ। গোলাঘাট আবকাৰী বিভাগে জব্দ কৰা 50 লাখ টকাৰ তিনিখন সুৰাভৰ্তি ট্ৰাকে পুনৰ পোহৰলৈ আনিলে এই ভয়াৱহ তথ্য। সুৰামুক্ত ৰাজ্য নাগালেণ্ডৰ পাৰা মিলিটেৰীৰ নামত চলে অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়।

গোলাঘাটত জব্দ তিনিখন সুৰাভৰ্তি ট্ৰাক

সুৰামুক্ত ৰাজ্য নাগালেণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং বজাৰ । 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ হয় অৰুণাচলী সুৰা। গোলাঘাট আবকাৰী বিভাগে 21 নৱেম্বৰৰ নিশা জব্দ কৰা তিনিখন ট্ৰাকে পুনৰ পোহৰলৈ আনিছে চোৰাং ব্যৱসায়ৰ তথ্য ।

উল্লেখ্য যে,গোলাঘাট আবকাৰী বিভাগে জব্দ কৰা সুৰাৰ ট্ৰাক তিনিখনত থকা সুৰাৰ নথি-পত্ৰ আৰু সুৰাৰ কাৰ্টনৰ তথ্যৰ লগত কোনো মিল নাই । যাৰ বাবে আবকাৰী বিভাগে জব্দ কৰে সুৰা ভৰ্তি ট্ৰাক কেইখন ৷ সুৰাৰ বটল সমূহ 19 নবেম্বৰত কাৰখানাত প্ৰস্তুত কৰা বুলি উল্লেখ আছে। সেই হিচাপত 50 লাখ টকাৰ সুৰা প্ৰস্তুত কৰা পাঁচদিন হৈছে । তেনে ক্ষেত্ৰত কেনেদৰে সুৰা প্ৰস্তুত কৰা কাৰখানা অৰুণাচলৰ নাহৰ লগুনৰ পৰা সুৰাৰ ট্ৰাক কেইখন 21 নৱেম্বৰত আহি পালে সেয়া সন্দেহৰ আৱৰ্তত ৷

লগতে চাওকঃমহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ

Intro:পাৰা মিলিটেৰীৰ নামত অৰুনাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। গোলাঘাট অৱকাৰী বিভাগে জব্দ কৰা 50 লাখ টকাৰ তিনিখন সুৰাভৰ্তি ট্ৰাকে পুণৰ পোহৰলৈ আনিলে এই ভয়াবহ তথ্য। সুৰামুক্ত ৰাজ্য নাগালেণ্ডৰ পাৰা মিলিটেৰীৰ নামত চলে অৰুনাচলী সুৰাৰ এই অবৈধ ব্যৱসায়। Body:সুৰামুক্ত ৰাজ্য নাগালেণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ বৃহৎ চোৰাং বজাৰ। 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগালেণ্ডলৈ চোৰাংকৈ সৰবৰাহ হয় অৰুনাচলী সুৰা । গোলাঘাট আৱকাৰী বিভাগে 21 নবেম্বৰৰ নিশা জব্দ কৰা সুৰাভৰ্তি তিনিখন ট্ৰাকে পুণৰ পোহৰলৈ আনিলে এই ভয়ংকৰ চোৰাং ব্যৱসায়ৰ তথ্য। উল্লেখ্য যে সুৰাৰ ট্ৰাক তিনিইখনত থকা সুৰাৰ নথি-পত্ৰ আৰু সুৰাৰ কাৰ্টোনৰ তথ্যৰ লগত কোনো মিল নাই। একেদৰে সুৰাৰ বটল সমূহ 19 নবেম্বৰত কাৰখানাত প্ৰস্তুত কৰা বুলি উল্লেখ আছে । সেই হিচাপত 50 লাখ টকাৰ সুৰা প্ৰস্তুত কৰা পাঁচদিন হে হৈছে। কিন্তু সুৰা প্ৰস্তুত কৰা কাৰখানা অৰুণাচলৰ নাহৰ লগুণলৰ পৰা সুৰাৰ ট্ৰাক কেইখন অহা আজিলৈকে ছদিন হ'ল । অৰ্থাৎ সুৰাখিনি গাড়ীত আহি থাকোতেই প্ৰস্তুত কৰা। এনেদৰেই সুৰা মাফিয়াই অবাধ গতিত অব্যাহত ৰাখিছে অৰুণাচলী সুৰাৰ বিশাল চোৰাং বজাৰ। উল্লেখ্য যে ৰাজপথত যাতে আৰক্ষী অথবা আৱকাৰী বিভাগে চোৰাং মদৰ গাড়ী ধৰিব নোৱাৰে তাৰবাবে ডিজিটেল লকৰ ব্যৱস্থা কৰে। আজি নাহৰ লগুণলৰ পৰা এজন লোক অহাতহে সুৰাৰ ট্ৰাকৰ তলা খুলি পৰীক্ষা কৰিব পাৰিলে অৱকাৰী বিভাগে। এতিয়া প্ৰশ্ন হৈছে নগালেণ্ডৰ সেনা জোৱানে ইমানেই সুৰা পান কৰে যে মাহেকত নগালেণ্ডৰ সেনাৰ নামত শ শ কোটি টকাৰ সুৰা সৰবৰাহ হয় একমাত্ৰ অৰুণাচলৰ পৰা। গোলাঘাট আৱকাৰী বিভাগে সুৰাভৰ্তি তিনিখন ট্ৰাক জব্দ কৰি আৰম্ভ কৰিছে আইনী ব্যৱস্থা । Conclusion:Byte-- আৱকাৰী বিষয়া
Byte-- চালক
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.