ETV Bharat / state

গোলাঘাটৰ সৰুপথাৰত খাৰুৱা তেলৰ চোৰাং বেহা

উদ্ধাৰ ৩৩ টাকৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম

উদ্ধাৰ ৩৩ টা কৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম
author img

By

Published : Mar 6, 2019, 12:22 PM IST

গোলাঘাট, 6 মাৰ্চঃ গোলাঘাটৰ সৰুপথাৰ বাৰঘৰীয়াত মঙলবাৰেনিশা সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই সৰুপথাৰৰ বাৰঘৰীয়াত উদ্ধাৰ কৰে চোৰাং তেল ৷

উদ্ধাৰ ৩৩ টা কৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম

যদুমণি শইকিয়া নামৰ এজন ব্যক্তিৰ এখন বন্ধ দোকানৰ লগতে ঘৰৰ ভিতৰত উদ্ধাৰ হয় চোৰাং খাৰুৱা তেলখিনি৷ উদ্ধাৰ হৈছে মুঠ ৩৩ টাকৈ চোৰাং তেল ভৰ্তি ড্ৰাম ৷ অৱশ্যে এয়া প্ৰকৃততে ক্ৰুড অইল হয় নে নহয় পৰীক্ষা কৰাৰ পিচতে স্পষ্ট হ'ব । আৰক্ষীয়ে প্ৰথম অৱস্থাত সন্দেহ কৰা মতে এইয়া ক্ৰুড অইল ।

ইপিনে দোকানখনৰ ভিতৰত টেংকি সদৃশ গাঁতত মটৰ লগাই টেংকাৰৰ পৰা তেলসমূহ মজুত কৰি আহিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

নিশা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত চলোৱা অভিযানত পোহৰলৈ আহে এই চোৰাং খাৰুৱা তেলৰ ভাণ্ডাৰ ৷ বন্ধ দোকানৰ ভিতৰৰ পৰা তেল জাতীয় পদাৰ্থ নিগৰি অহাত আৰক্ষীক খবৰ দিয়াৰ পিচত দোকানখনৰ ভিতৰত অভিযান চলোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

Golaghat 06.03.2019
SLUG : GOLAGHAT OIL
A_GLT_801_6MAR_GOLAGHAT_OIL_VISUAL_1_DIGANTA_SAHU
A_GLT_802_6MAR_GOLAGHAT_OIL_VISUAL_2_DIGANTA_SAHU
A_GLT_803_6MAR_GOLAGHAT_OIL_VISUAL_3_DIGANTA_SAHU
A_GLT_804_6MAR_GOLAGHAT_OIL_BYTE_1_DIGANTA_SAHU
A_GLT_805_6MAR_GOLAGHAT_OIL_BYTE_2_DIGANTA_SAHU
A_GLT_806_6MAR_GOLAGHAT_OIL_BYTE_3_DIGANTA_SAHU
O.C. : ৰাজ্যত অব্যাহত আছে চোৰাং খাৰুৱা তেলৰ ৰমৰমীয়া বেহা ৷ এইবাৰ গোলাঘাটৰ সৰুপথাৰত উদ্ধাৰ চোৰাং খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰ৷ ৰাইজৰ অভিযানত সৰুপথাৰৰ বাৰঘৰীয়াত উদ্ধাৰ হৈছে চোৰাং ক্ৰুড অইলৰ ভাণ্ডাৰ ৷ 
V.O. : গোলাঘাটৰ সৰুপথাৰ বাৰঘৰীয়াত নিশা উত্তেজনা৷ ৰাইজে আৰক্ষীৰ সহযোগত অভিযান চলাইছে চোৰাং খাৰুৱা তেল ( ক্ৰুড অইল) ৰ ভাণ্ডাৰত অভিযান ৷ এই অভিযানত যদুমনি শইকিয়া নামৰ এজন ব্যক্তিৰ এখন বন্ধ দোকান আৰু ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে চোৰাং খাৰুৱা তেলৰ বৃহত ভাণ্ডাৰ ৷ উদ্ধাৰ হৈছে ৩৩ টাকৈ চোৰাং ক্ৰুড অইল ভৰ্তি ড্ৰাম ৷ যদুমনি শইকীয়াৰ বন্ধ দোকান ঘৰৰ ভিতৰত ৯ টাকৈ ক্ৰুড অইল ভৰ্তি ড্ৰাম উদ্ধাৰ হোৱাৰ লগতে দোকান খনৰ ভিতৰত উদ্ধাৰ হৈছে খাৰুৱা তেল মজুত কৰা এটা প্ৰকাণ্ড গাত ৷ আনহাতে অভিযানকাৰী দলে তেওঁৰ বাসগৃহত উদ্ধাৰ কৰিছে আন ২৪ টা খাৰুৱাতেল ভৰ্তি ড্ৰাম ৷ 
Byte :- 1 (police) 
V.O. : নিশা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাৰ নেতৃত্বত ৰাইজে চলোৱা অভিযানত পোহৰলৈ আহে এই চোৰাং খাৰুৱা তেলৰ ভাণ্ডাৰ ৷ বন্ধ দোকানৰ ভিতৰৰ পৰা তেল জাতীয় পদাৰ্থ নিগৰি অহাত সন্দেহ হয় স্হানীয় ৰাইজৰ ৷ ইয়াৰ পিচতে দোকানখনৰ ভিতৰত অভিযান চলোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ প্ৰথমে দোকানখনৰ ভিতৰত ৯ টা খাৰুৱা তেলৰ ড্ৰাম উদ্ধাৰ কৰাৰ পিচত যদুমনিৰ বাসগৃহত অভিযান চলোৱা হয় ৷ অভিযানত পোহৰলৈ আহে আন এক অবৈধ ব্যৱসায়৷ বাসগৃহৰ সমীপতে যদুমনিয়ে স্হাপন কৰিছে দুটাকৈ  অবৈধ কাঠ ফলা মিল। এই কাঠ ফলা মিলত প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা পৰি থকাৰ লগতে উদ্ধাৰ হয় আন ২৪ টা খাৰুৱা তেল ভৰ্তি ড্ৰাম ৷ 
Byte :- 2 ( AACSU )         
V.O. : পিচত ঘটনা স্হলীত অ এন জি চি কৰ্তৃপক্ষও উপস্হিত হৈ উদ্ধাৰ হোৱা সামগ্ৰী সমূহ খাৰুৱা তেল (ক্ৰুড অইল) বুলি নিশ্চিত কৰে৷ উল্লেখ্য যে বাৰঘৰীয়াৰ সমীপৰ বেবেজীয়াত থকা তৈলখাদৰ পৰা দৈনিক ৬ খনকৈ তৈল পৰিবাহী টেংকাৰত অসম নগালেণ্ড সীমান্তৰ খোৰাঘাট আৰু যোৰহাট বৰহোলালৈ খাৰুৱা তেল সৰবৰাহ কৰা হয়৷ এই সৰবৰাহৰ সময়তে ক্ৰুড অইল হৰলুকী হোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ ৷
Byte : 3 PUBLIC
V.O. : উল্লেখযোগ্য যে  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সহযোগ নাথাকিলে ক্ৰুড অইলৰ চোৰাং ব্যৱসায় কৰাটো কেনেকৈ সম্ভৱ ৷ এই বৃহৎ তেল চোৰৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ প্ৰতিও সন্দেহৰ আঙুলি তুলিছে স্থানীয় ৰাইজে।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.