ETV Bharat / state

illegal drugs trading inside medical store : ৰঙাঘৰলৈ গ'ল দীপ চোমানী

author img

By

Published : Nov 12, 2021, 9:16 PM IST

ফাৰ্মাচীত ড্ৰাগছৰ বেহা চলাই দ্বিতীয়বাৰ বাবে ৰঙাঘৰলৈ গ'ল দেৰগাঁৱৰ কুখ্যাত দৰৱৰ ব্যৱসায়ী দীপ চোমানী ৷ জেললৈ যোৱাৰ পৰত সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজকে ধোৱা তুলসীৰ পাত সজালে ড্ৰাগছ বেপাৰীয়ে ৷

illegal-drugs-trading-inside-medical-store-in-dergaon
illegal drugs trading inside medical store : ৰঙাঘৰলৈ গ'ল দীপ চোমানী

দেৰগাঁও, 12 নবেম্বৰ : এখন ফাৰ্মাচী, কিন্তু ফাৰ্মাচীৰ ভিতৰত চলে ড্ৰাগছৰ অবাধ বেহা । আকৌ দ্বিতীয়বাৰৰ বাবে ড্ৰাগছৰ বেহা চলাই ৰঙাঘৰলৈ গ'ল দেৰগাঁও ময়ংক মেডিকেলৰ স্বতাধিকাৰী কুখ্যাত দীপ চোমানী । মঙলবাৰে নিশা এখন গাড়ীৰে বৃহৎ পৰিমানৰ ড্ৰাগছ সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰিছিল এইজন দীপ চোমানী । পিছে এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ফাৰ্মাচীখনত ড্ৰাগছৰ অবাধ বেহা চলাই ৰঙাঘৰৰ ভাত খাইছিল এইজন ব্যক্তিয়ে ।

পিছে কুকুৰৰ নেজ চিধা নোহোৱাৰ দৰেই স্বভাৱ সলনি নহ'ল দীপ চোমানীৰ । জেলৰ পৰা ওলাইয়েই আকৌ ' ময়ংক ফাৰ্মাচি'ত আৰম্ভ কৰিলে ড্ৰাগছৰ বেহা । ড্ৰাগছ সৰবৰাহৰ অভিযোগত আজি দ্বিতীয় বাৰৰ বাবে দেৰগাঁও আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে এই জন কুখ্যাত দীপ চোমানীক । পিছে জেললৈ যোৱাৰ পৰত সাংবাদ মাধ্যমৰ কেমেৰা দেখি নিজকে ধোৱা তুলশীৰ পাত সজাবলৈ চেষ্টা কৰিলে এই জন কুখ্যাত ড্ৰাগছ বেপাৰীয়ে ।

মঙলবাৰে নিশা হেনো বিক্ৰীৰ বাবে নহয়, নৈৰ পাৰত নষ্ট কৰিবলৈহে গাড়ীত লৈ যোৱা হৈছিল নিসিদ্ধ নিচাযুক্ত টেবলেট সমূহ । ২০২০ চনতেই তেওঁ হেনো বাদ দিলে ড্ৰাগছৰ ধান্দা । পুনৰ যাতে জেলৰ পৰা ওলাই আহি আকৌ ফাৰ্মাচীৰ নামত এই কুখ্যাত দীপ চোমানিয়ে ড্ৰাগছৰ বেহা চলাব নোৱাৰে তাৰ বাবে সম্প্ৰতি জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক : তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.