ETV Bharat / state

Illegal cattle pound at Diffloo tea estate:বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ

author img

By

Published : Dec 8, 2021, 9:53 PM IST

বোকাখাতৰ ডিফলু চাহ বাগিছা কতৃপক্ষই অবৈধভাৱে স্থাপন কৰিছে গৰুৰ পাউণ্ড (Illegal cattle pound at Diffloo tea estate)। স্থানীয় লোকৰ অভিযোগ ভিত্তিত বাগিছাখনত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ একাংশ লোকৰ । চাহ বাগিছাৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে থানাত এজাহাৰ সাংবাদিকৰ ।

Illegal cattle pound at Diffloo tea estate
বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ

বোকাখাত,৮ ডিচেম্বৰ : গোলাঘাট জিলাৰ বোকাখাতত উত্তেজনাময় পৰিৱেশ । গৰুৰ অবৈধ পাউণ্ডক লৈ এই উত্তজেনা । ৰাইজৰ অভিযোগ অনুসৰি ডিফলু চাহ বাগিছা কতৃপক্ষই অবৈধভাৱে গৰুৰ পাউণ্ড স্থাপন কৰিছে (Illegal cattle pound at Diffloo tea estate)।

অবৈধ গৰুৰ পাউণ্ডৰ ফলত গাঁওবাসীয়ে হাৰাশাস্তি ভূগিবলগীয়া হৈছে । চাহ বাগিছা কতৃপক্ষৰ মইমতালি সন্দৰ্ভত ৰাইজে অভিযোগ কৰাৰ পাছতে সাংবাদিকৰ দল বাতৰি সংগ্ৰহৰ বাবে ডিফলু চাহ বাগিছাত উপস্থিত হৈছিল । কিন্তু তেনে সময়তে সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰে চাহ বাগিছা কতৃপক্ষই (Journalist attacked at Diffloo tea estate)।

জানিব পৰা মতে বাগিছাখনৰ জেনেৰেল মেনেজাৰ বুৰ্হান আহমেদ লস্কৰে নিজস্ব মইমতালিৰে অবৈধভাৱে বাগিছাখনত স্থাপন কৰিছে গৰুৰ পাউণ্ড ৷ কোনো চাৰিসীমাৰ বেৰ নথকা বাগিছাত গৰু সোমালেই তেওঁলোকে পাউণ্ডত গৰুবোৰ ভৰাই থয় । কেৱল এয়াই নহয় গৰুবোৰ মুকলি কৰি দিয়াৰ বিনিময়ত গৰুৰ মালিকৰ পৰা ধন সংগ্ৰহো কৰে চাহ বাগিছা কতৃপক্ষই ।

এই সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দলক কলঘৰত আবদ্ধ কৰি ৰাখে । বাগিছাৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি সাংবাদিকৰ পৰা ম'বাইল কাঢ়ি নিয়াৰো অপচেষ্টা কৰে জেনেৰেল মেনেজাৰ বুৰ্হান আহমেদ লস্কৰৰ নেতৃত্বৰ এটা দলে । অৱশেষত বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে বাগিছাৰ জেনেৰেল মেনেজাৰ বুৰ্হান আহমেদ লস্কৰৰ বিৰুদ্ধে সাংবাদিকসকলে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে ৷ লক্ষণীয়ভাৱে সাংবাদিকক এনেদৰে আক্ৰমণ কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে । চাহ বাগিছা কতৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক:আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতে সত্যৰঞ্জন বৰাক আটক নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.