সৰুপথাৰ,29মে':দেশত চতুৰ্থ পর্যায় লক ডাউন চলি থকা সময়তে দেশত প্ৰৱেশ কৰিছে অবৈধ বাংলাদেশীয়ে | ধনশিৰি মহকুমাৰ সৰুপথাৰৰ চুঙাজানত আজি আটক কৰা হৈছে ভাৰত-বাংলাদেশ সীমান্তৰে পাৰ হৈ অহা এজন অবৈধ বাংলাদেশীক ৷ আটক অবৈধ বাংলাদেশীজনৰ নাম ৰতন বৰ্মন ৷ ভুৱা নাগৰিকত্ব প্ৰমাণ পত্ৰৰে অসমত স্থায়ী বাসিন্দা হোৱাৰ চেষ্টা চলাইছিল অবৈধ বাংলাদেশী জনে ৷ আটকাধীন অবৈধ বাংলাদেশীজনৰ ভয়ংকৰ স্বীকাৰোক্তি ,উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্তত সীমান্তৰক্ষী নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰৱেশ কৰিছিল অসমত ৷ তাৰপিছত এজন সহযোগী লগত ত্ৰিপুৰাৰ বলাধাবা পৰা চিৰাজুলা গৈ এখন টেম্পো গাড়ী লৈ আগৰতলা ৰে'লৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ডিফু পায়হি | লক ডাউন ঘোষণা হোৱাৰ আগত বোকাজনৰ লাহৰীজানত বাহৰ পাতি আছিল । ইফালে লক ডাউনৰ বাবে আজি খাদ্যৰ অভাৱত পৰি সৰুপথাৰলৈ বুলি ওলাই আহোঁতেই চুঙাজান সীমান্ত আৰক্ষীৰ হাতত আটক হয় অবৈধ বাংলাদেশীজন ৷
আনহাতে ,ডিফুত থকা সময়ছোৱাত পাৰ্থ দেৱনাথ নামৰ এজন লোকে ভুৱা স্কুল চাৰ্টিফিকেট প্ৰস্তুত কৰি দিয়াৰ লগতে গোলাপ খান নামৰ আন এজন লোকে জন্ম প্ৰমাণ পত্ৰ , পান কাৰ্ড, লেৱাৰ কাৰ্ড আদি প্ৰস্তুত কৰি দিয়াৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে অবৈধ বাংলাদেশী জনে ৷ বৰ্তমানে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত |
এনেদৰেই এতিয়া পুনৰ ওলাই পৰিল ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ ৷ কেনেদৰে সীমান্তৰক্ষীৰ চকুত ধূলি দি প্ৰৱেশ কৰি আছে এজনৰ পিছত এজন অবৈধ বাংলাদেশী ৷ চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাক লৈও এতিয়া উত্থাপিত হৈছে প্ৰশ্ন ৷ প্ৰকৃততে চৰকাৰৰ বাংলাদেশীমুক্ত অসমৰ প্ৰতিশ্ৰুতি শ্ল'গান হৈয়ে থাকিব নেকি?