ETV Bharat / state

পাপৰী হত্যাকাণ্ড: পত্নীহত্যাৰ অভিযুক্ত মানস গাংগুলীৰ ফাঁচীৰ দাবীত উত্তাল বোকাখাত - Killer husband arrested by Bokakhat police

বৃহস্পতিবাৰে নিশা বোকাখাতৰ কুৰুৱাবাহীত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৃত মহিলাগৰাকী বোকাখাতৰ কুৰুৱাবাহীৰ মানস গাংগুলী নামৰ এজন ব্যক্তিৰ পত্নী পাপৰি শইকীয়া গাংগুলী ৷ পাৰিবাৰিক কন্দলৰ বাবে স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Husband kills wife Brutally in Bokakhat) ।

Husband kills wife Brutally in Bokakhat
পত্নী হত্যাকাৰী স্বামীক ফাঁচী দিবলৈ উত্তাল প্ৰতিবাদ বোকাখাতত
author img

By

Published : Sep 10, 2022, 8:40 PM IST

বোকাখাত, 10 ছেপ্টেম্বৰ: এতিয়াও মাৰ যোৱা নাই পাপৰী শইকীয়া হত্যাকাণ্ডৰ চাঞ্চল্য ৷ যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় 10 মান বজাত পাৰিবাৰিক কন্দলৰ বাবে বোকাখাতৰ কুৰুৱাবাহীৰ মানস গাংগুলীয়ে পত্নী পাপৰী শইকীয়াক ডিঙি চেপি হত্যা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পিছতেই পলায়ন কৰিছিল স্বামী মানস গাংগুলী (Husband kills wife Brutally in Bokakhat) ৷

জানিব পৰা অনুসৰি, মানসে এই ঘটনা সংঘটিত হোৱাৰ দিনা নিজ পুত্ৰক খুড়াকৰ ঘৰত থৈ আহিছিল ৷ তাৰ পিছতেই স্থানীয়ে লোকে উলংগ অৱস্থাত উদ্ধাৰ কৰিছিল পাপৰী শইকীয়াৰ মৃতদেহ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি পূৰ্বেও দুয়োৰে মাজত পাৰিবাৰিক সংঘাত সঘনাই হৈ আহিছিল ৷

পত্নী হত্যাকাৰী স্বামীক ফাঁচীৰ দাবীত উত্তাল বোকাখাত

ইফালে এই ঘটনাৰ পিছতে হুৱা-দুৱা লাগে অঞ্চলটোত(Husband suspected of killing wife) ৷ শনিবাৰে নিশা পত্নী হত্যাৰ অভিযুক্ত মানস গাংগুলীয়ে বোকাখাত থানাত অত্মসমৰ্পন কৰে । পাপৰীৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে মানস গাংগুলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

মানস গাংগুলীৰ আত্মসমৰ্পণৰ খবৰ পোৱাৰ পাছতে স্থানীয় মহিলাই বোকাখাত থানা ঘেৰাও কৰি পাপৰীক হত্যাৰ অভিযোগ তুলি ফাঁচীৰ দাবী তোলে (Killer husband arrested by Bokakhat police)৷ শনিবাৰে মানসৰ ফাঁচীৰ দাবীত শ শ মহিলাই বোকাখাত থানা চৌহদ ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে ৷

এনে ঘটনা অঞ্চলটোত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী প্ৰতিবাদী মহিলাসকলে মানসৰ ফাঁচী দাবী কৰে ৷ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বোকাখাতৰ কাৰ্যালয়ত কৰ্মৰত পাপৰী শইকীয়াৰ মৃত্যুত বোকাখাতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: বোকাখাতৰ কুৰুৱাবাহীত লোমহৰ্ষক হত্যাকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.