ETV Bharat / state

নুমলীগড় শংকৰ বৰুৱা সেঁতুত বৃহৎ ফাট - huge crake at sankar borua setu at numaligarh

নুমলীগড় শংকৰ বৰুৱা সেঁতুত মেলিছে বৃহৎ ফাট । যিকোনো মুহুৰ্ততে হ’ব পাৰে অঘটন ৷ মাজুলী-নিমাতীঘাট সংযোগী দলঙৰ প্ৰসংগৰ পাচতেই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে নুমলীগড়ত ধনশিৰী নৈৰ ওপৰত থকা নুমলীগড় শংকৰ বৰুৱা সেঁতুৱে ৷ ধনশিৰী নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নুমলীগড় দলঙৰ ফাটে চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজৰ তথা দল-সংগঠন সমূহক । শীৰ্ঘ্ৰেই এই দলংখন মেৰামতি নকৰিলে হ’ব পাৰে দুৰ্ঘটনা ৷ সেয়ে এই দলঙখন শীৰ্ঘ্ৰে মেৰামতি কৰি দিবলৈ চৰকাৰক দাবী জনাইজে নুমলীগড়ৰ জাতীয় সংগঠন সমূহে ৷

huge crake at sankar borua setu
নুমলীগড় শংকৰ বৰুৱা সেঁতুত বৃহৎ ফাট
author img

By

Published : Sep 11, 2021, 2:25 PM IST

গোলাঘাট,11 ছেপ্তেম্বৰ: ‘‘দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতহে গা লৰে চৰকাৰী কৰ্তৃপক্ষৰ ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত চৰকাৰী সাহাৰ্য প্ৰদান কৰা হয় ভুক্তভোগীক ৷ ভুক্তভোগীৰ মৃত্যুৰ পাচত চৰকাৰী সাহাৰ্য প্ৰদান কৰাতকৈ সেই সাহাৰ্যৰে নিৰ্মাণ কৰক দলং কিম্বা মেৰামতি কৰক বাট-পথ’’ - এই বুলি গৰজি উঠিছে নুমলীগড় আছু ৷

huge crake at sankar borua setu
কেতিয়া নিৰ্মাণ হ’ব দলং

কিয়নো এইবাৰ বহু প্ৰশ্ন উত্থাপন হৈছে নুমলীগড় শংকৰ বৰুৱা সেঁতুক লৈ ৷ নুমলীগড় শংকৰ বৰুৱা সেঁতুত মেলিছে বৃহৎ ফাট ৷ যিকোনো মূহুৰ্ততে হ’ব পাৰে ভয়াৱহ পথ দুৰ্ঘটনা ৷ সাধাৰণ গাড়ী এখন আহিলেই দলং খনত সৃষ্টি হয় অস্বাভাৱিক কম্পনৰ ৷

নুমলীগড় শংকৰ বৰুৱা সেঁতুত বৃহৎ ফাট

অনাকাংশিত বিপদৰ শংকাত নুমলীগড় শংকৰ বৰুৱা সেঁতুক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

লগতে পঢ়ক: মৰাণৰ পাণধোৱা পাৰঘাটত বিপদসংকুল নৌকা যাত্ৰা

এক প্ৰকাৰে ক’ব পাৰি যে, ১৯৫৬ চনত নিৰ্মাণ কৰা নুমলীগড় দলঙৰ আয়ুস ইতিমধ্যে শেষ হৈ পৰিছে । প্ৰায় ৬৫ বছৰ অতিক্ৰম কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দলং খনৰ দুৰৱস্থাৰ বাবে যিকোনো সময়ত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । স্থানীয় ৰাইজৰ লগতে আছু, আটছা আদি সংগঠন সমূহে নুমলীগড় দলংখনৰ মেৰামতি কাম কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

huge crake at sankar borua setu
চৰ্চাত শংকৰ বৰুৱা সেঁতু

লগতে পঢ়ক: বৰঘোলা-কাহিবাৰী পাৰঘাটত বিপদসংকুল যাত্ৰা অঞ্চলবাসীৰ

উল্লেখ্য যে, মাজুলী-নিমাতীঘাট সংযোগী দলঙৰ প্ৰসংগই সৰ্বত্ৰ চৰ্চা হোৱাৰ সময়তে নুমলীগড়ত ধনশিৰী দলঙক লৈ এতিয়া তোলপাৰ লগাইছে স্থানীয় ৰাইজে । ধনশিৰী নদীৰ ওপৰত থকা দলঙখনৰ ভয়ংকৰ ফাঁটে বাৰুকৈয়ে চিন্তাত পেলাইছে আঞ্চলবাসীক ৷ বৰ্তমান দলংখন পাৰাপাৰ হওঁতে বহুবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে অঞ্চলবাসীৰ ৷

huge crake at sankar borua setu
শংকৰ বৰুৱা সেঁতুক লৈ শংকিত ৰাইজ

আনহাতে, ফ'ৰলেণ্ড নির্মাণকাৰী সংস্থাই অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰি আছে আন খন দলং ৷ এই নিৰ্মীয়মান দলংখন কামো শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা জাতীয় সংগঠন সমূহে ৷

লগতে পঢ়ক: মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.