গোলাঘাট, 2 জুন : কৰ’ণা মহামাৰীৰ সংকটৰ সময়ত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে হিন্দু জাগৰণ মঞ্চৰ সৰুপথাৰ প্ৰখণ্ড সমিতি আৰু আৰ.এছ.এছ.ৰ এটা দলে ৷ এই দলটোৱে সৰুপথাৰ ৰেলৱে ষ্টেচন আৰু সৰুপথাৰৰ পদুমনি মধ্য ইংৰাজী বিদ্যালয়ত থকা ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ চেনিটাইছ কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ লোক আৰু সাধাৰণ ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে ।
ইয়াৰ লগতে দলটোৱে ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পি.পি.ই. কিট-ও বিতৰণ কৰে । এই কাৰ্যসূচীৰ অংশ হিচাপে মহকুমাটোৰ অন্তৰ্গত বৰপথাৰৰ হাইস্কুল তিনি আলি, ৰেলৱে ষ্টেচন আদি স্থান সমূহত কৰিলে চেনিটাইজড ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জিলা কাৰ্যনিবাহক সদস্য ড° প্ৰেম কান্ত বৰা, সংঘৰ গোলাঘাট জিলা সমিতিৰ প্ৰমুখ শশাংকজিৎ বৰা, যোৰহাট বিভাগৰ শাৰিৰীক প্ৰমুখ শচীন মেচ, জিলা সম্পৰ্ক প্ৰমূখ ৰাজীৱ শইকীয়া, হিন্দু জাগৰণ মঞ্চ সৰুপথাৰ সমিতিৰ সভাপতি চন্দ্ৰ লহকৰ, সৰুপথাৰ টাউন সমিতিৰ সভানেত্ৰী দিপীকা চেহেলকে আদি কৰি বহু কেইগৰাকী কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক : এগৰাকী কৰ’ণাক্ৰান্ত ৰোগীৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা