গোলাঘাট, 17 মাৰ্চ: গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা এক অভিনৱ প্ৰতিযোগিতাত অংশ ল’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যখনত পোনপ্ৰথম বাৰৰ বাবে গোলাঘাটৰ খুমটাই সমষ্টিত অনুস্থিত হোৱা স্বচ্ছতাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে । শুকুৰবাৰে পুৱাৰে পৰা খুমটাই সমষ্টিত ব্যস্ত থকা দেখা গ'ল মুখ্যমন্ত্ৰীক । পুৱা সমষ্টিটোৰ বৰটিকাত উপস্থিত হোৱাৰ পিচতেই দ্বিতীয় কাৰ্যসূচী হাতত লৈ উপস্থিত হয় আধাৰ সত্ৰৰ শেনচোৱাত (CM Himanta Biswa Sarma in Golaghat) ।
খুমটাই সমষ্টিৰ জিলা পৰিষদ ভিত্তিত অনুস্থিত হোৱা আন্তঃগাঁও আৰু চাহ বাগিচা প্ৰতিযোগিতাক প্ৰেৰণা আখ্যা দিয়ে । খুমটাই জিলা পৰিষদৰ মেলামৰা গাঁৱে এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে । দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰষ্কাৰ লাভ কৰে ক্ৰমে হাবিচোৱা চিনাতলী, কচুপথাৰ, বছাগাঁও আৰু বগৰীয়নী গাঁৱে । কঠালগুৰি জিলা পৰিষদৰ অন্তৰ্গত যোগীবাৰী গাঁৱে স্বচ্ছতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বুঢ়ালিকচন, গোঁসাই সত্ৰ, ঢেকিয়াল, চিনাতলী গাঁৱে ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰষ্কাৰ লাভ কৰে । ছাত্র-ছাত্রী সকলৰ লগতো মত বিনিময় কৰে মুখ্যমন্ত্রী গৰাকীয়ে (Swachh bharat competition in Golaghat)।
"স্বচ্ছতা জীৱনৰ আদৰ্শ হ'লে মানুহৰ আয়ুস বৃদ্ধি পাব । মানুহে প্ৰকৃতিৰ লগত সহবাস কৰিব লাগিব । চৰকাৰখনেও প্ৰকৃতি আৰু মানুহ একেলগে জীয়াই থকাৰ পৰিৱেশ সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এনে পৰিপেক্ষিতত খুমটাই সমষ্টিয়ে অসমৰ ৰাইজক পোহৰৰ বাট দেখুৱাইছে ।" বৰটিকাত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Khumtai swachh village competition) ।
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত সমষ্টিটোৰ চুকে কোণে স্বচ্ছতা বজাই ৰখাৰ বাবে আয়োজন কৰা পৰিষ্কাৰ খুমটাই শীৰ্ষক প্ৰতিযোগিতাৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰিবলৈ আহি মুখ্যমন্ত্ৰীয়ে মিছামৰাৰ বৰটিকা খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশ লয় । কৰ্ণাটকৰ পৰা পোনে পোনে যোৰহাট হৈ খুমটাই সমষ্টিলৈ অহা মুখ্যমন্ত্ৰীজনে এটি বৰগছৰ পুলি ৰোপন কৰি বৰটিকা মুদৈ গাঁৱত বিধায়ক মৃণাল শইকীয়াৰ সপোনৰ প্ৰকল্প "ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য"ৰো শুভাৰম্ভ কৰে (Small Rural Sanctuaries)।
শতাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ভোৰতাল নৃত্য, কৃষ্ণ নৃত্য, চালি নৃত্য আদিৰে আদৰণি জনাই অস্থায়ী হেলিপেডৰ পৰা মুখ্যমন্ত্ৰীক আদৰি অনাৰ পাচত তেওঁ পোনে পোনে বৰটিকা খেলপথাৰৰ সমীপতে থকা মুহিৰাম হাজৰিকা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত বিদ্যালয়ৰ চৌহদতে মত বিনিময় কৰে ৷ লগতে এটি সংগ্ৰহালয়ৰ উদ্বোধন কৰে ড৹ শৰ্মাই ।
ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে খেলি সুস্বাদু পিঠা-পনাৰ জুতি লোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলকো নিজ হাতেৰে পিঠা-পনা বিলাই মুখ্যমন্ত্ৰীয়ে । তাৰ মাজতে এটি কণমানিক কোলাতলৈ অনুভৱ জানিব বিচৰাত কণমানি ছাত্ৰজনে অঞ্চলটোত এখন উন্নতমানৰ খেলপথাৰ দিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় । মুখ্যমন্ত্ৰীয়েও কম দিনতে এখন খেল পথাৰ নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস দিয়ে কণমানি ছাত্ৰজনক ।
ইয়াৰ পাচতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে বৰটিকা খেল পথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত । বিধায়ক মৃণাল শইকীয়াই আদৰণি ভাষণ আৰু জিলা বিজেপিৰ সম্পাদক পৰাগ বৰাই আঁত ধৰা সভাত ভাষণ দি ড৹ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ বিকাশৰ বাবে বিধায়ক মৃণাল শইকীয়াই লোৱা ভূমিকাক উচ্চ প্ৰশংসা কৰে । বিশেষকৈ গাঁওসমূহৰ স্বচ্চতা বৰ্তাই ৰখা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে বিধায়কজনে গ্ৰহণ কৰা স্বচ্ছ খুমটাই প্ৰতিযোগিতা আৰু ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য প্ৰকল্প অভিনৱ, একক আৰু অনন্য বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?
কোনো সমষ্টিতে আগতে এনে নোহোৱা বুলি ব্যক্ত কৰি তেওঁ অন্য বিধায়ক সকলকো খুমটাইৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহবান জনায় । মৃণাল শইকীয়াৰ এনে পদক্ষেপে সমষ্টিটোলৈ পৰ্যটক অহাৰ বাট মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে । গান্ধীজীয়ে স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্বচ্ছতাক আদৰ্শৰূপে লৈ দেশবাসীক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনাই অহাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
গুৰুজনাৰ বাণী "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম’’ আৰু ভগবান প্ৰাপ্তিৰ উপায় তথা বৈকুণ্ঠ প্ৰাপ্তিৰ সুগম উপায় সম্পৰ্কত লিখি যোৱা শ্লোকেৰে তৰু-তৃণ, গছ-লতিকা জীৱ-জন্তুৰ লগত সহৱস্থান কৰিব পৰা পৰিৱেশ ঘূৰাই আনিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক আহবান জনায় । জনবিস্ফোৰণৰ ফলত বিলুপ্ত হ'বলৈ ধৰা অসমৰ প্ৰকৃতিৰ অনন্য উপাদান বিভিন্ন চৰাই-চিৰিকতি, বনৰীয়া জীৱ-জন্তু আৰু অলেখ থলুৱা গছ-লতিকা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে ৷
খুমটাইৰ ক্ষুদ্ৰ গ্ৰাম্য অভয়াৰণ্য এই দিশত সফল হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ সকলোৰে মাজত এনে সজাগতা গা কৰি উঠিলে মানুহৰ আয়ুসো বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে । প্ৰকৃতি সংৰক্ষণত সৰ্বাধিক গুৰুত্ব দিয়া মুখ্যমন্ত্ৰীয়ে প্ৰকৃতি মানুহৰ সংঘাটৰ বাবেই বৰ্তমান পদে পদে চিকিৎসালয়ৰ প্ৰয়োজন হোৱা বুলি দোহাৰে । এনে পৰিপেক্ষিততে চৰকাৰে মানুহৰ দৰেই গাঁওসমূহৰো বছৰি জন্মদিন পালনৰ পদক্ষেপ লোৱাৰ কথা সদৰী কৰি তেওঁ জানিবলৈ দিয়ে যে, ইয়াৰ বাবে চৰকাৰে ধন আৱন্টন দিব ।
প্ৰতি গাঁৱতে পাঁচটাকৈ খেলেৰে "খেল মহাৰণ" আয়োজন আৰু জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, ঝুমুৰ, জনজাতীয় নৃত্য আদি পাঁচটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা বুলি তেওঁ জনায় । গাঁৱৰ পৰা ব্লক, জিলালৈকে পৰ্যায়ক্ৰমে বাছনি কৰি সৰ্বশ্ৰেষ্ঠ স্বচ্ছ জিলাখনক চৰকাৰে এশকোটি টকাৰ উপহাৰ আগবঢ়োৱাৰ সিদ্ধান্ত বাজেটত ঘোষণা কৰাৰ কথাও ড৹ শৰ্মাই ৰাইজক জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Assam govt in debt: ২২ মাহতে বিজ্ঞাপনত ১৩১ কোটি টকা ব্যয় কৰি অভিলেখ শৰ্মা চৰকাৰৰ
এনে ঘোষণাই বিশুদ্ধ গাঁৱলীয়া জীৱন নিৰ্মাণত সহায় কৰিব বুলি তেওঁ আশা কৰে । খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ জিলা পৰিষদৰ 46 খন গাঁও সামৰি অনুষ্ঠিত কৰা স্বচ্ছ খুমটাই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি তেওঁ বিধায়কজনে ঘোষণা কৰা পুৰষ্কাৰৰ ধনৰ লগত মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা অতিৰিক্ত দহলাখকৈ পুৰষ্কাৰৰ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।