ETV Bharat / state

বানৰ পিচত ৰাজ্যত এইবাৰ গৰমৰ তাণ্ডৱ - তাপমাত্ৰা

অত্যাধিক গৰমে দহিছে সমগ্ৰ ৰাজ্য । বিগত তিনিদিন ধৰি চলা উৎকট গৰমত ত্ৰাহি মধুসূদন দেখিছে ৰাজ্যবাসীয়ে । প্ৰখৰ তাপমাত্ৰাৰ বাবে গোলাঘাটত বন্ধ দিছে বিদ্যালয় । অত্যাধিক গৰমৰ বাবে গোলাঘাট বনগাঁওস্থিত জাতীয় বিদ্যালয়ত ঘোষণা কৰিলে অৰ্ধ ছুটী । অন্যান্য বিদ্যালয়সমুহো ছুটী দিবলৈ জিলা উপায়ুক্তক আহ্বান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ।

বানৰ পিচত ৰাজ্যত এইবাৰ গৰমৰ তাণ্ডৱ
author img

By

Published : Aug 7, 2019, 5:39 PM IST

গোলাঘাট, 7 আগষ্টঃ ওপৰত সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তি । তলত জনতাৰ ত্ৰাহি মধুসুদন । কোনোবাই যদি গছৰ তলত বহি গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে আন একাংশৰ আকৌ কুঁহিয়াৰ ৰস , শীতল পানীয় , আইছক্ৰীম খাই শৰীৰ শীতলৰ প্ৰয়াস । কেৱল সেয়াই নহয় এফালে উৎকট গৰমত স্তব্ধ হৈ পৰিছে পাঠদান ।

বানৰ পিচত ৰাজ্যত এইবাৰ গৰমৰ তাণ্ডৱ

একেৰাহে তিনি চাৰিদিন ধৰি সূৰ্য দেৱতা ৰুষ্ট হৈ থকাত এতিয়া কোনোফালে গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই ৰাজ্যবাসীয়ে । অতিপাত গৰমৰ বাবেই বুধবাৰে অৰ্ধছুটী দিয়া হ'ল গোলাঘাট জাতীয় বিদ্যালয় । এনেদৰেই গৰম চলি থাকিলে অন্যান্য বিদ্যালয় সমূহো ছুটী দিবলৈ উপায়ুক্তক আহ্বান জনাই গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে৷ যাতে উৎকট গৰমৰ পৰা কিছু পৰিমাণে হ 'লেও পৰিত্ৰাণ পাব পাৰে ছাত্ৰ ছাত্ৰী সকলে ।

Intro: সমগ্ৰ ৰাজ্য দহিছে অত্যাধিক গৰমে । বিগত তিনিদিন ধৰি চলা উৎকট গৰমত ত্ৰাহি মধুসূদন দেখিছে ৰাজ্যবাসীয়ে । সূৰ্য্যৰ প্ৰখৰ তাপমাত্ৰাৰ বাবে গোলাঘাটত বন্ধ দিছে বিদ্যালয় । অত্যাধিক গৰমৰ বাবে গোলাঘাট বনগাঁওস্থিত জাতীয় বিদ্যালয় আজি অৰ্ধ ছুটী ঘোষণা কৰিছে । এনেধৰণে গৰম চলি থাকিলে অন্যান্য বিদ্যালয় সমুহো ছুটী দিবলৈ জিলা উপায়ুক্তক আহ্বান জাতীয় বিদ্যালয়ৰ প্ৰধানৰ ।
Body:ওপৰত সূৰ্য্য দেৱতাৰ ৰুদ্ৰমুৰ্তি । তলত জনতাৰ ত্ৰাহি মধুসুদন । কোনোবাই যদি গছৰ তলত বহি সূৰ্য্যক চেলেঞ্জ কৰিছে আনহাতে একাংশই আকৌ কুঁহিয়াৰ ৰস , শীতল পানীয় , আইছক্ৰীম পান কৰি শৰীৰ শীতল কৰিছে । আন কোনোবাই আকৌ কাপোৰে মূখ ঢাকি সুন্দৰতাক ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে । এফালে উৎকট গৰমত স্তব্ধ হৈ পৰিছে পাঠদান । একেৰাহে তিনি চাৰিদিন ধৰি সূৰ্য্য দেৱতাই হাই ভল্টেজ নিক্ষেপ কৰাৰ পাছত এতিয়া কতো থাকিও পৰিত্ৰাণ পোৱা নাই গৰমৰ পৰা । অতিপাত গৰমৰ বাবেই আজি অৰ্ধছুটী দিয়া হল গোলাঘাট জাতীয় বিদ্যালয় । গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ জিলা উপায়ুক্তলৈ আহ্বান এনেদৰেই গৰম চলি থাকিলে অন্যান্য বিদ্যালয় সমূহো ছুটিদিলে গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব ছাত্র ছাত্ৰী সকলে ।
কিন্তু গৰম যিমানেই নহওক , দৈনিক কাম কৰি খোৱা মানুহে কাম কৰিবই লাগিব । কাৰণ কাম নকৰিলে পেট নভৰে সেই সকল লোকৰ । যি সকলে আনৰ শৰীৰ শীতল কৰিবলৈ উৎকট গৰমকো নেওচি গাৰ জোৰেৰে কুঁহিয়াৰ চেপি এগিলাচ ৰস যাচি দিছে মুখৰ আগত । Conclusion:Byte 1 : অধ্যক্ষ ( জাতীয় বিদ্যালয় , গোলাঘাট )
Byte 2,3,4: স্থানীয় লোক
গোলাঘাট পৰা চামিম আলি , etv Bharat,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.