বৰপথাৰত পুত্ৰৰ বৃক্ক সলনিৰ বাবে সহায়ৰ আহ্বান এগৰাকী অসহায় মাতৃৰ - দান
বৰপথাৰত পুত্ৰৰ বৃক্ক সলনিৰ বাবে সহায়ৰ আহ্বান মাতৃৰ । বৃক্ক সলনিৰ বাবে '০' পজিটিভ এটি বৃক্কৰ আৱশ্যক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে ৷
![বৰপথাৰত পুত্ৰৰ বৃক্ক সলনিৰ বাবে সহায়ৰ আহ্বান এগৰাকী অসহায় মাতৃৰ helpless-mother-seeking-help-for-her-son-treatment](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11937235-755-11937235-1622221611106.jpg?imwidth=3840)
গোলাঘাট, 26 মে': ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত পাভজান গাঁবৰ নিবাসী তথা অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক নগেন শৰ্মাৰ পুত্ৰ অম্বিকা শৰ্মা ওৰফে যিচু বৰ্তমান বৃক্ক ৰোগত ভূগি চিকিৎসাধীন হৈ আছে । অম্বিকাক বৰ্তমান পুনৰ বৃক্ক সলনিৰ বাবে '০' পজিটিভ এটি বৃক্কৰ আৱশ্যক হৈছে ।
সেয়েহে ইচ্ছুক কোনো লোকে বৃক্ক দান কৰিব খুজিলে ৯৭০৬৮৮৬৩৫২ বা ৮৮৭৬৪৭৮৯৫৪ নম্বৰৰ মোবাইলত যোগাযোগ কৰিবৰ বাবে অনুৰোধ কৰিছে । ইপিনে দ্বিতীয়বাৰৰ বাবে বৃক্ক সলনিৰ বাবে ব্যয়বহুল চিকিৎসা কৰাৰ সামৰ্থও নাই পৰিয়ালৰ ।
সেয়েহে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, সাংসদ, বিধায়কৰ লগতে অ'এনজিচিৰ কৰুণাধাৰাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, সদাশয় দয়ালু ব্যক্তিৰ পৰা অৰ্থ সাহাৰ্যৰ বাবে গোঁহাৰি জনাইছে দুৰ্ভগীয়া যুৱক জনৰ পিতৃৰ লগতে পৰিয়ালৰ লোকে ।
কোনো লোকে অৰ্থ আগবঢ়াব খুজিলে ষ্টেট বেঙ্ক অৱ ইণ্ডীয়াৰ বৰপথাৰ শাখাৰ ১১৩০৭৬৬৯৫৪২ আইএফচি এচবিআইএন ০০১৭২০৭ আৰু ষ্টেট বেঙ্ক অৱ ইণ্ডীয়াৰ বৰপথাৰ শাখাৰে ৩৪৫২৯৮৪৪৯১৯ আইএফচি এচবিআইএন ০০১৭২০৭ নম্বৰৰ একাউন্টত জমা কৰিব পাৰিব বুলি জনায় ।
বৰ্তমান পুত্ৰৰ বৃক্ক সলনিৰ বাবে প্ৰয়োজন ২০ লাখকৈ টকা । মাটি বিক্ৰী কৰিও পৰা নাই প্ৰয়োজনীয় জোগাৰ । শেষত সেয়েহে অসহায় মাতৃ গৰাকীয়ে নৱ-নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় বিচাৰিছে ।
লগতে পঢ়ক : নৃত্য গীতেৰে মুখৰিত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ