ETV Bharat / state

খুমটাইত কি ক'লে পীয়ূষ হাজৰিকাই?

গুৱাহাটী-খুমটাই অভিমুখী পথতে বোকাখাত মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত অনুপস্থিত থকাৰ বাবেই তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয় স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে ৷

পীযুষ হাজৰিকা
author img

By

Published : Jun 13, 2019, 7:54 PM IST

গোলাঘাট, 13 জুনঃ গোলাঘাটৰ খুমটাইত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা৷ খুমটাই আদৰ্শ চিকিৎসালয় মুকলি কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে গুৱাহাটী-খুমটাই অভিমুখী পথতে বোকাখাত মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত অনুপস্থিত থকাৰ বাবেই তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয় স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে ৷

পীযুষ হাজৰিকা
ইয়াৰ উপৰিও গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰাতুল চন্দ্ৰ বৰদলৈকো কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Intro:গোলাঘাটৰ খুমটাইত চিকিৎসকক ধমক মন্ত্ৰী পিয়ুজ হাজৰিকাৰ। কামত ফাঁকি দিয়া চিকিৎসক নেলাগে অসম চৰকাৰক। বোকাখাট মহকুমা চিকিৎসালয়ত চিকিৎসক উপস্থিত নথকাক লৈ ৰাজহুৱা ভাৱে শাস্তি মূলক ব্যৱস্থা পিয়ুজ হাজৰিকাৰ।

Body:বহু বিতৰ্ক আৰু নিৰ্মাণ কাৰ্যৰ অভিযোগ উত্থাপিত হৈ অহা গোলাঘাটৰ খুমটাই আদৰ্শ চিকিৎসালয় অৱশেষত মুকলি কৰে মন্ত্ৰী পিয়ুজ হাজৰিকাই। এই অনুষ্ঠানতে চিকিৎসকক মুকলি ভাৱে ধমক মন্ত্ৰী পিয়ুজ হাজৰিকাৰ। চিকিৎসালয়ত উপস্থিত নাথাকি কামত ফাঁকি দিয়া চিকিৎসক নালাগে অসম চৰকাৰক। ৰাইজক সেৱা কৰাৰ মনোবৃত্তি নাই তেন্তে ওলাই যাওক। খুমটাই আদৰ্শ চিকিৎসালয় উদ্বোধনৰ বাবে গুৱাহাটীৰ পৰা আহি থকাৰ সময়ত বোকাখাট মহকুমা চিকিৎসালয়ত চাডেন ভিজিট কৰিছিল মন্ত্ৰী পিয়ুজ হাজৰিকাই। চিকিৎসালয়ত সেৱা কৰাৰ মনোবৃত্তি নথকা তিনিজন চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে। বোকাখাট মহকুমা চিকিৎসালয়ৰ মুঠ এঘাৰ জন চিকিৎসকৰ ৮ জনেই অনুপস্থিত আছিল। ইয়াৰে এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে অন্য দুজনক স্বকজ কৰা হৈছে। এই দুজনকে ঘৰৰ পৰা বহু আঁতৰত জোনাই আৰু ধুবুৰীলৈ শাস্তিমূলক বদলি কৰা হব বুলি ঘোষণা মন্ত্ৰী পিয়ুজ হাজৰিকাৰ। ইয়াৰ উপৰিও গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰাতুল চন্দ্ৰ বৰদলৈকো ধমক। গোলাঘাট কাৰ্যালয়তে বহি নাথাকিবৰ বাবে জনাই কয় আপুনি জিলা খনৰ চিকিৎলায় সমূহ পৰিভ্ৰমণ কৰক।
জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীৰ বিৰুদ্ধে বহু অভিযোগ থকা বুলি ৰাজহুৱাভাৱে ভাষণত জনাই। খুমটাইৰ ৮২ সংখ্যক খুমটাই আদৰ্শ চিকিৎসালয়খন পৰিষ্কাৰ কৈ ৰাখিবলৈ আহ্বান ৰাইজক।

Conclusion:byte 1: piyush hazarika
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.