ETV Bharat / state

প্ৰসিদ্ধ সাহিত্যিক ড৹ নগেন শইকীয়ালৈ 'হৰেন্দ্ৰ নাথ বৰুৱা' স্মাৰক বঁটা - 'হৰেন্দ্ৰ নাথ বৰুৱা' স্মাৰক বঁটা

গোলাঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰসিদ্ধ সাহিত্যিক ড৹ নগেন শইকীয়াক প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক 'হৰেন্দ্ৰ নাথ বৰুৱা' স্মাৰক বঁটা ৷ লগতে বিশিষ্ট সাহিত্যিক কণকসেন ডেকাক 'লক্ষ্মীনাথ ফুকন' স্মাৰক বঁটা প্ৰদান কৰিব গোলাঘাট প্ৰেছ ক্লাৱে ৷

ড৹ নগেন শইকীয়া
ড৹ নগেন শইকীয়া
author img

By

Published : Feb 12, 2020, 8:35 AM IST

গোলাঘাট, 12 ফেব্ৰুৱাৰীঃ ড৹ নগেন শইকীয়াৰ 82 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাট 'মিতভাষ' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰে প্ৰেছ ক্লাৱে ৷ এই অনুষ্ঠানত প্ৰসিদ্ধ সাহিত্যিক ড৹ নগেন শইকীয়াক প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক 'হৰেন্দ্ৰ নাথ বৰুৱা' স্মাৰক বঁটা ৷

ড৹ নগেন শইকীয়াৰ লগতে বিশিষ্ট সাহিত্যিক কণকসেন ডেকাক 'লক্ষ্মীনাথ ফুকন' স্মাৰক বঁটা প্ৰদান কৰিব গোলাঘাট প্ৰেছ ক্লাৱে ৷ অনুষ্ঠানত কণকসেন ডেকা উপস্থিত থাকিব নোৱাৰাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটীত প্ৰদান কৰা হ'ব এই বঁটা ৷ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অসমীয়া বিভাগৰ সহযোগত 'মিতভাষ' অনুষ্ঠিত কৰা হয় ৷ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকা, বিশিষ্ট শিক্ষাবিদ কন্দৰ্প ডেকাৰ লগতে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ বঁটা প্ৰদানৰ লগতে গোলাঘাট প্ৰেছ ক্লাৱৰ বাৰ্ষিক মুখপত্ৰ 'প্ৰান্তৰ' উন্মোচন কৰা হয় এই অনুষ্ঠানত ৷

প্ৰসিদ্ধ সাহিত্যিক ড৹ নগেন শইকীয়ালৈ 'হৰেন্দ্ৰ নাথ বৰুৱা' স্মাৰক বঁটা

লগতে পঢ়কঃ কিমান দূৰ সফল মোডীৰ চৰকাৰৰ অটল অমৃত অভিযান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.