ETV Bharat / state

লাভলীনালৈ শুভেচ্ছা JDSG মহাবিদ্যালয়ৰ

টকিঅ' অলিম্পিকৰ বক্সিঙৰ ৰিঙত শনিবাৰে পদক অর্জনৰ যুঁজত নামিব বোকাখাত JDSG মহাবিদ্যালয়ৰ ছাত্ৰী লাভলীনা বৰগোঁহাই । লাভলীনাই বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত যাতে পদক অৰ্জন কৰিব পাৰে, তাৰ বাবে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনাইছে শুভেচ্ছা ৷

author img

By

Published : Jul 22, 2021, 7:16 PM IST

BOKAKHAT COLLEGE STUDENT LOVLINA
লাভলীনালৈ শুভেচ্ছা JDSG মহাবিদ্যালয়ৰ

বোকাখাত, 22 জুলাই : গোলাঘাট জিলাৰ (GOLAGHAT DISTRICT) ধনশিৰি মহকুমাৰ পৰা গৈ অলিম্পিকৰ গেম ভিলেজত উপস্থিত হ’লগৈ লাভলীনা বৰগোঁহাই (lovlina borgohain) । অলিম্পিকৰ গেম ভিলেজত লাভলীনাই অংশগ্ৰহণ কৰিছে অনুশীলনত । অসমৰ (assam) ৰ বাবে এয়া সঁচাকৈয়ে এক গৌৰৱৰ কথা । অলিম্পিকত (olympics) অংশগ্ৰহণ কৰাটো আজিৰ সময়ত অসাধাৰণ কথা নহ’লেও, অসমৰ দৰে এখন ৰাজ্যৰ পৰা গৈ দেশক প্ৰতিনিধিত্ব কৰি অলিম্পিকত অংশগ্ৰহণ কৰাটো সৰু কথাও নহয় ।

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ (dhansiri) বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোঁহাই । লাভলীনাই বক্সিঙৰ জৰিয়তে ইতিমধ্যে অলিম্পিকক বাদ দি বিশ্বৰ প্ৰায়বোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বীপত অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক । আহৰণ কৰিছে বহু অভিজ্ঞতা ৷

এইগৰাকী লাভলীনাক লৈয়ে এতিয়া অসমবাসীৰ লগতে দেশবাসীৰ গভীৰ আশা ৷

লাভলীনালৈ শুভেচ্ছা JDSG মহাবিদ্যালয়ৰ

ৰাজ্যৰ লগতে দেশৰ বিভিন্ন শুভাকাংক্ষীয়ে ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনা বৰগোঁহাইক ৷ তাৰমাজতে বিশেষকৈ শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনাই অধ্যয়ন কৰা বোকাখাতৰ জেডিএছজি (JDSG) মহাবিদ্যালয়ে ৷ উল্লেখযোগ্য যে, শনিবাৰে পদক অৰ্জনৰ বাবে বক্সিঙৰ ৰিঙত নামিব লাভলীনা বৰগোঁহাই ৷ সেই প্ৰাকক্ষণত লাভলীনালৈ শুভেচ্ছা জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ চৌহদ আৰু তোৰণৰ কাষতে লাভলীনাৰ ফটো সম্বলিত বেনাৰ-পোষ্টাৰ আদি স্থাপন কৰি খেলুৱৈগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে । বোকাখাতৰ (JDSG) কলেজৰ কৃষ্ণকান্ত সন্ধিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী লাভলীনা বৰগোঁহাই ৷ 2020 চনতে নামভৰ্তি কৰিছিল লাভলীনাই ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল লাভলীনাৰ বাবে ৷

লগতে পঢ়কঃ Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.