গোলাঘাট, 22 অক্টোবৰ : গোলাঘাটৰ নুমলীগড় শোধনাগাৰ ব্যক্তিগত কৰণক লৈ বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ। গোলাঘাটৰ নুমলীগড়ত মঙলবাৰে 'এনআৰএল'(NRL) ব্যক্তিগত কৰণৰ বিৰুদ্ধে অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি,গোলাঘাট জিলা সমিতি আৰু চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যত মাহজুৰি চলি আছে 'এনআৰএল' ব্যক্তিগত কৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ'বেক,মুখ্যমন্ত্ৰী,প্ৰধান মন্ত্ৰী মুর্দাবাদ ধ্বনিৰে কঁপাই তোলে নুমলীগড় । কেন্দ্ৰীয় কেবিনেতে বি.পি. চি.এলৰ (BPCL)এনআৰএল(NRL)ত থকা প্ৰায় ৬২ শতাংশ আশীদাৰিত্ব বিক্ৰীৰ ঘোষণাৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন । অতিশীঘ্ৰে এই ব্যক্তিগত কৰণ প্ৰক্ৰিয়া বন্ধ নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদী দল সংগঠনকেইটাই। এই প্ৰতিবাদত স্থানীয় ৰাইজৰ লগতে দুয়োটা সংগঠনৰ শ শ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়কঃবটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধাৰাবাহিক অনশন