গোলাঘাট,2মে: ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ এতিয়া সৰ্বত্ৰে উৎকণ্ঠা ৷ কাৰণ আৰম্ভ হ'ল ভোটগণনা প্ৰক্ৰিয়া ৷ গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সমষ্টিৰ বাবেও ইতিমধ্যে পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে ভোটগণনা ৷ গোলাঘাট ৰেছীডেঞ্চীয়েল গাৰ্লছ প'লিটেকনিক ভোট গণনা কেন্দ্ৰত খুমটাই আৰু গোলাঘাট সমষ্টিৰ প'ষ্টেল বেলটৰ গণনা হয় ৷
একেদৰে সৰুপথাৰ মহাবিদ্যালয় ভোটগণনা কেন্দ্ৰ আৰু বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰটো আৰম্ভ হৈছে ভোট গণনা ৷ ইপিনে ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈ আৰু গোলাঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই বুজ লয় ভোটগণনা প্ৰক্ৰিয়াৰ ৷
উল্লেখ্য যে, গোলাঘাট সমষ্টিত ২১ ৰাউণ্ড আৰু খুমটাই সমষ্টিত ১৩ ৰাউণ্ড ভোট গণনা হ'ব ৷ তদুপৰি গোলাঘাট আৰু খুমটাই সমষ্টিৰ ভোট গণনাৰ বাবে ১৪ খনকৈ টেবুলৰ ব্যৱস্থা কৰা হৈছে ৷ একোটা হলত 7 খনকৈ টেবুল ৰখা হৈছে ৷
আনহাতে প্ৰাপ্ত খবৰ অনুসৰি, গোলাঘাট সমষ্টিত অজন্তা নেওগে অগ্ৰগতি লাভ কৰি থকাৰ লগতে বোকাখাত সমষ্টিত অগপ সভাপতি অতুল বৰা,সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকন,খুমটাই সমষ্টিত মৃণাল শইকীয়াই যথেষ্ট ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷