ETV Bharat / state

গোলাঘাট পৌৰ এলেকাত মানিব লাগিব চৰকাৰী নিৰ্দেশনা

author img

By

Published : Jul 20, 2020, 8:26 PM IST

কিছু নতুন নীতি নিৰ্দেশনাৰে সোমবাৰৰ পৰা গোলাঘাট প্ৰশাসনে গোলাঘাট পৌৰ এলেকাত ঘোষণা কৰা লক ডাউন শিথিল কৰি দিছে । ফলত পুৱাৰে পৰা আৰম্ভ হ'ল স্বাভাৱিক জন জীৱন । বান্ধি দিয়া নিৰ্দেশাৱলী পৌৰ এলেকাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহে কেনে ধৰণে পালন কৰিছে সেয়াও পৰ্যবেক্ষণ কৰি গৈছে প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলে ।

golaghat-unlock-from-today
গোলাঘাট পৌৰ এলেকাত লকডাউন শিথিল হ'লেও মানিব লাগিব চৰকাৰী নিৰ্দেশনা

গোলাঘাট,২০ জুলাই: সোমবাৰৰ পৰা পৰা পুনৰ ব‍্যস্ত হৈ পৰিল গোলাঘাট নগৰ । লগে লগে আৰম্ভ হ'ল গতানুগতিক জন জীৱন। ইয়াৰ মাজতে বহুতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা সমূহ নমনাকৈ ওলাই আহিল নগৰলৈ । হেলমেট পিছৰেই কথা,মাস্কখন পিন্ধিবলৈকো এৰিলে একাংশ চালক আৰোহীয়ে। সোমবাৰে এই সকল আইন অমান্যকাৰী চালক আৰোহীক নাকি লগাবলৈ ৰাজপথত নামিল গোলাঘাটৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী ।

সমান্তৰালকৈ প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশাৱলী পৌৰ এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে কেনে ধৰণে পালন কৰিছে সেয়া পৰ্যবেক্ষণৰ বাবে নগৰখনত চোকা দৃষ্টি ৰাখিলে দণ্ডাধীশ,পৌৰ কাৰ্যবাহী বিষয়াকে ধৰি প্ৰশাসনৰ লোকসকলে ।

উল্লেখ্য যে,গোলাঘাট প্ৰশাসনে গোলাঘাট পৌৰ এলেকাত ঘোষণা কৰা লক ডাউন সোমবাৰৰ পৰা শিথিল কৰি ABC প্ৰক্ৰিয়াৰে গোলাঘাট পৌৰ এলেকাৰ দোকান-পোহাৰ সমূহ খোলাৰ নিৰ্দেশনা জাৰি কৰিছিল । ইতিমধ্যে নগৰখনত সামাজিক দুৰত্বকে ধৰি অন্যান্য সুবিধা উপলব্ধ হোৱাকৈ গোলাঘাট নগৰৰ চ'ক বজাৰত থকা শাক পাচলিৰ বজাৰৰ স্থান সলনি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.