ETV Bharat / state

Golaghat Triple Murder case : একে পৰিয়ালৰ তিনিজনক দাৰে ঘপিয়াই হত্যা, অভিযুক্তৰ আত্মসমৰ্পণ - লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা

গোলাঘাট জিলাৰ মাজমজিয়াস্থিত হিন্দী হাইস্কুল ৰোড সমীপত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ একেটা পৰিয়াল পিতৃ, মাতৃ আৰু জীয়ৰীক নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন জোঁৱায়েক নাজিবুৰ ৰহমান বৰাৰ বিৰুদ্ধে ৷

Golaghat Triple Murder case
একে পৰিয়ালৰ তিনিজনক দাৰে ঘপিয়াই হত্যা
author img

By

Published : Jul 24, 2023, 8:02 PM IST

একে পৰিয়ালৰ তিনিজনক দাৰে ঘপিয়াই হত্যা

যোৰহাট, 24 জুলাই : গোলাঘাট জিলাত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ একেটা পৰিয়াল পিতৃ, মাতৃ আৰু জীয়ৰীক নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰে নাজিবুৰ ৰহমান বৰাই ৷ হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিযুক্ত নাজিবুৰে ৷

ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে গোলাঘাট জিলাৰ মাজমজিয়াস্থিত হিন্দী হাইস্কুল ৰোড সমীপত নাজিবুৰ ৰহমান নামৰ ব্যক্তিজনে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘামিত্ৰা ঘোষ নামৰ তিনিগৰাকী লোকক দিন দুপৰতে দাৰে ঘপিয়াই হত্যা কৰি থৈ যায় ৷ তিনিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰি নিৰ্বিঘ্নে ঘটনাস্থলী পৰা উধাও হয় ৷ অভিযুক্ত নাজিবুৰ ৰহমান বৰা পৰিয়ালটোৰ জোৱাঁই বুলি জানিব পৰা গৈছে ৷

মৃত ঘোষ পৰিয়ালৰ আত্মীয়সকলে জনোৱা মতে পৰিয়ালটোৰ কনিষ্ঠ কন্যা, যি সম্প্ৰতি বাহিৰত শিক্ষা গ্ৰহণ কৰি আছে, প্ৰতিদিনৰ দৰে সোমবাৰে তাইৰ মাকৰ সৈতে কথা পাতিবলৈ ঘৰলৈ ফোন কৰিছিল। কথোপকথনৰ সময়ত, ঘোষ পৰিয়ালৰ কনিষ্ঠ কন্যাই ফোনত জানিব পাৰিছিল যে তেওঁৰ ডাঙৰ ভগ্নীৰ স্বামী নাজিবুৰে তেওঁলোকৰ ঘৰত আহি কাজিয়া কৰি আছে। পৰিয়ালৰ বাবে কিছু বিপদ আছে বুলি অনুভৱ কৰি, সৰু জীয়েকে ওচৰতে বাস কৰা পৰিয়ালটোৰ আত্মীয়সকলক তেওঁলোকৰ ঘৰলৈ গৈ বিষয়টো পৰীক্ষা কৰিবলৈ জনায় । সেই অনুসৰি পৰিয়ালৰ লোকে আহি খবৰ লয়হি মানে ঘৰৰ ভিতৰত পিতৃ, মাতৃ আৰু জীয়ৰীক তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পৰি থকা দেখা পাই হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ এই নৃশংস ঘটনা সংঘটিত কৰা আঁৰত পাৰিবাৰিক কন্দল থকা বুলি জানিবলৈ দিয়ে আত্মীয়ই ৷ নাজিবুৰ আৰু মৃত পত্নীৰ মাজত বহু দিনৰে পৰা বিবাহ সম্পৰ্কীয় কন্দল লাগি আছিল ৷ পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰি গোচৰো ৰুজু কৰিছিল ৷ কিন্তু নাজিবুৰে পত্নীৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তত সন্মতি প্ৰদান কৰা নাছিল ৷ এই কথাক লৈ পত্নীৰ মাতৃৰ গৃহলৈ আহি প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল নাজিবুৰ ৷ আজি এই ঘটনা সংঘটিত কৰি 9 মহীয়া সন্তানটোক লগত লৈ যায় নাজিবুৰে ৷

ইতিমধ্যে ঘটনাস্থলীত গোলাঘাট আৰক্ষী অধীক্ষক সহ উচ্চ প্ৰদস্থ আৰক্ষী দল উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ ঘটনাৰ তদন্ত চলি থকাৰ মাজতে প্ৰায় কিছু ঘণ্টাৰ পিচতে অভিযুক্ত নাজিবুৰে শিশুসহ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে ৷ বাতৰি লিখা সময়লৈকে ঘটনা তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Manipur naked woman parade case : ৫ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.