গোলাঘাট, 19 জুনঃ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত শনিবাৰে গোলাঘাট স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণ শাখাৰ দ্বাৰা এখনি সজাগতা সভা আয়োজন কৰা হয় । গোলাঘাট ধপাত নিয়ন্ত্ৰণ শাখাৰ জিলাৰ সমন্বয়ক ডাঃ সুনীতা এক্কা আৰু বিষয়া আৰ্জু দত্ত নেতৃত্বত এই সজাগতা সভা আয়োজন কৰা হয় ।
উক্ত সভাত ডাঃ সুনীতা এক্কাই স্বাস্থ্যৰ বাবে ধপাতৰ অপকাৰিতা আৰু ধপাত কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰ বিষয়ে জানিবলৈ দিয়ে । লগতে এই বদ অভ্যাসৰ পৰা কেনেদৰে হাত সাৰিবলৈ পাৰি সাংবাদিক সকলৰ আগত ব্যক্ত কৰে । বৰ্তমান ধপাত জাতীয় দ্ৰব্য ব্যৱহাৰ পুৰুষৰ সমানে মহিলা সকলো ব্যৱহাৰ কৰিবলৈ লৈছে । এনে ধপাত জাতীয় ব্যৱহাৰ মহিলা সকলৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বৰ্ণনা কৰি ধপাত জাতীয় দ্ৰব্য ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় ।
গোলাঘাট জিলাত ধপাত নিৰ্মূলৰ বাবে গোলাঘাট প্ৰশাসন, বিদ্যালয়, কলেজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক লগত লৈ গোলাঘাট জিলা পৰ্যায়ৰ ধপাত নিয়ন্ত্ৰণ কমিটি এখন ইতিমধ্যে গঠন কৰা হৈছে । সক্ৰিয় ভাৱে ইতিমধ্যে ধপাত নিয়ন্ত্ৰণ শাখায়ে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে । ইপিনে গোলাঘাটত দিনক দিনে বাঢ়ি অহা মৰাত্মক ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে প্ৰশাসনক, চৰকাৰক বলিষ্ঠ পদক্ষেপ ল’বলৈ আহ্বান জনায় ।