গোলাঘাট, 8 মে': গোলাঘাটত এইবাৰ বেজৰ নাকত খৰ । স্বয়ং আৰক্ষীৰ মটৰ চাইকেল চুৰি কৰি গোলাঘাট আৰক্ষীক চোৰৰ চেলেঞ্জ । গোলাঘাটৰ বেঙেনাখোৱাৰ পৰা আৰক্ষীৰ যান-বাহন শাখাৰ এজন কনিষ্টবলৰ মটৰ চাইকেল চুৰি কৰি নিয়ে চোৰে । ইয়াৰ পাচতেই নিশাটোৰ ভিতৰতে চুৰি হোৱা বাইক উদ্ধাৰ আৰু এটা চোৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । উল্লেখ্য যে, মঙলবাৰে কনিষ্টবল গৰাকী কৰ্তব্যৰত অৱস্থাত থাকোতেই AS-07-D-4184 নম্বৰৰ বাইকখন চোৰ কৰে ৷ কনিষ্টবলজনৰ বাইকখন চুৰি হোৱা পাচতে চিচিটিভি কেমেৰাৰ সহায়ত তদন্ত চলাই বন্তি সিং নামৰ চোৰটোক আটক কৰে গোলাঘাট আৰক্ষীয়ে৷ আনহাতে, দীৰ্ঘদিন ধৰি গোলাঘাটত চোৰে সন্ত্ৰাস চলাই অহাৰ পাচত শেহতীয়াকৈ গোলাঘাট আৰক্ষী বিভাগৰ দুজনমান দক্ষ আৰক্ষী বিষয়াৰ তৎপৰতাত গ্ৰেপ্তাৰ হৈছিল বহুকেইটা চোৰ ৷ কিন্তু মঙলবাৰে নিশা পুনৰ দেখুৱাই দিলে চোৰৰ শক্তি। গোলাঘাটত পুলিচতকৈ যে চোৰ শক্তিশালী সেয়া প্ৰমাণ কৰি দেখুৱালে স্বয়ং আৰক্ষীৰ মটৰ চাইকেল চুৰি ঘটনাই ৷
কোনো চেলেঞ্জ দিলে গোলাঘাট আৰক্ষীক ! - etv bharat assam
গোলাঘাট আৰক্ষীক চোৰৰ চেলেঞ্জ ৷ গোলাঘাটৰ বেঙেনাখোৱাৰ পৰা আৰক্ষীৰ যান-বাহন শাখাৰ এজন কনিষ্টবলৰ মটৰ চাইকেল চুৰি কৰি নিলে চোৰে ৷ ইয়াৰ পাচতেই নিশাটোৰ ভিতৰতে চুৰি হোৱা বাইক উদ্ধাৰ আৰু এটা চোৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷