গোলাঘাট, 15 জুনঃ গোলাঘাটস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা এখন ৰয়েল এনফিল্ড চুৰি কৰিবলৈ লঁওতেই ৰাইজৰ হাতত ধৰা পৰে এটা চোৰ ৷ গোলাঘাট আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত থকা চোৰটো হৈছে জোনটি আলী ৷
গোলাঘাট আৰক্ষী থানাৰ সন্মুখত অৱস্থিত এছবিআইৰ চৌহদত ৰখাই থোৱা AS 05 J 4194 নম্বৰৰ বুলেটখন চুৰি কৰি নিবলৈ লঁওতেই ধৰা পৰে চোৰটো ৷ জোনটি আলীৰ নাম গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাত বহু গাড়ী চুৰি ঘটনাৰ লগতে হত্যাকাণ্ডৰ লগতো জড়িত আছে । ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে জোনটি আলীক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে ।