ETV Bharat / state

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়! - চাহ বাগিছা

গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি  নুমলীগড় চাহ বাগিচাত দিন দুপৰতে পাত ছিঙি থকা অৱস্থাত মহিলা শ্ৰমিকক আক্ৰমণ কৰিবলৈ  উদ্যত হাতীৰ জাকটো ।

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়!
author img

By

Published : Sep 13, 2019, 11:48 PM IST

গোলাঘাট,13 চেপ্তেম্বৰঃ গোলাঘাটত এতিয়া বন্যহস্তীৰ তাণ্ডৱ ৷ কি দিন কি নিশাৰ আন্ধাৰ সকলো সময়তে হাতীৰ আতংকত দিন কটাইছে স্থানীয় ৰাইজে ৷

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়!

গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি নুমলীগড় চাহ বাগিচাত দিন দুপৰতে পাত ছিঙি থকা অৱস্থাত মহিলা শ্ৰমিকক আক্ৰমণ কৰিবলৈ উদ্যত হাতীৰ জাকটো । দিনৰ পোহৰতো এতিয়া নিতৌ বাগিচাখনত বৃহৎ বন্য হস্তীৰ জাকৰ বিচৰণ । নুমলীগড় চাহ বাগিচাৰ পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ প্ৰায়ে চোঁচা লয় বন্যহস্তীৰ জাকটোৱে। বিগত চাৰি পাছ দিন ধৰি বন্যহস্তীৰ জাকটো বাগিচাখনত পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিক সকলৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিছে ।

ইফালে, নুমলীগড় চাহ বাগিচাৰ গাতে লাগি থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱালি সহ থকা বন্য হস্তীৰ জাকটোৱে দিনে নিশাই অহা যোৱা কৰাৰ ফলত ব্যাপক যানজঁতৰ সৃষ্টি হৈছে । কিন্তু নীৰৱ ভূমিকাত নুমলীগড় বন বিভাগ । উল্লেখ্য যে, গোলাঘাট আৰু নুমলীগড় অঞ্চলটো বহু সময় ধৰি বন্যহস্তীৰ উপদ্ৰৱৰ সন্মুখীন হৈ আহিছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

আৰু পঢ়কঃ প্ৰভাসক লগ নপোৱাৰ বাবে আত্মহত্যাৰ চেষ্টা অনুৰাগীৰ

Intro:গোলাঘাট নুমলীগড় চাহ বাগিচাত দিন দুপৰতে বন্য হস্তীৰ উপদ্ৰৱ । চাহ বাগিচাখনত পাত ছিঙি থকা মহিলা শ্ৰমিকলৈ চোঁচা হাতীৰ জাকটোৰ । গোলাঘাট নুমলীগড়ত নিতৌ চলিছে বন্যহস্তীৰ উপদ্ৰৱ । এফালে জীৱশ্ৰেষ্ঠ মানৱ আনফালে বন্য হস্তীৰ । এই দৃশ্য ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা নুমলীগড় চাহ বাগিচাৰ । নিশাটো বাদেই দিনটো এতিয়া নিতৌ বাগিচাখনত বৃহৎ বন্য হস্তীৰ জাকৰ বিচৰণ । নুমলীগড় চাহ বাগিচাৰ পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ প্ৰায়ে চোঁচা বন্য হস্তীৰ । বিগত চাৰি পাছ দিন ধৰি বন্য হস্তীৰ জাকটোৱে বাগিচাখনত পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ আক্ৰমণাত্মক হৈ পৰিছে । ইফালে নুমলীগড় চাহ বাগিচাৰ গাতে লাগি থকা 39 ৰাষ্ট্ৰীয় ঘাইপথত পোৱালি সহ থকা বন্য হস্তীৰ জাকটোৱে দিনে নিশাই অহা যোৱা কৰাৰ ফলত ব্যাপক যান জঁতৰ সৃষ্টি হৈছে ।কিন্তু মিহিৰাম চৰ্দাৰৰ ভূমিকাত এতিয়া নুমলীগড় বন বিভাগ ।এক কথাত কবলৈ গলে এতিয়া বন্য হস্তীৰ উপদ্ৰৱৰ ফলত নিদ্ৰা হৰণ হৈছে গোলাঘাট নুমলীগড় বাসীৰ ।
Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.