গোলাঘাট,28 নৱেম্বৰ: গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মুখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাঁৱৰ ফলক ৷ সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি আহিছে ৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাঁৱত কিছু দিন পূৰ্বে নগা গাঁৱৰ ফলক লগোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷ অৱশ্যে নগাৰ এই অবৈধ কাৰ্যত বাধা প্ৰদান কৰিছে বিবাদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷ কিন্ত সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগা লোকে নিৰ্মাণ কৰি থৈছে তোৰণ ৷
উল্লখ্য যে, অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত নগা সকলে স্থাপন কৰিছে নগা গাঁৱৰ ফলকসমূহ ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে 'নিখেখে গাঁও, নাগালেণ্ড' বুলি ৷ গতিকে অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য-কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ ভাবুকি আহিছে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ৷ নগাৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকীয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷
লগতে পঢ়ক:গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী