গোলাঘাট, 17 জানুৱাৰী : ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় এক বিশাল অনুষ্ঠানৰ।
উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে, বিধায়ক মৃণাল শইকীয়া, ভবেন ভৰালী, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, অজন্তা নেওগ আদি উপস্থিত থাকে। এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয়।
শিল্পী দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই বিশাল অনুষ্ঠানত দহ সহস্ৰাধিক লোক উপস্থিত থাকে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ ৰাইজৰ হৃদয়ত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ গোলাঘাটৰ জয়মতী বোলছবিত মুখ্য অভিনেত্ৰী চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে মুখ্যমন্ত্ৰী সোণোৱাল অনুষ্ঠানস্থলীত পলম কৈ আহি উপস্থিত হোৱাৰ বাবে অনুষ্ঠানস্থলী ত্যাগ কৰি ঘৰমূৱা হয় বহু লোক। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি থকাৰ সময়তে যথেষ্ট সংখ্যক চকী খালি পৰা পৰিলক্ষিত হয় ৷ আনহাতে একাংশ মহিলাক গোটৰ সভা অনুষ্ঠিত হোৱা বুলি প্ৰলোভন দি মুখ্যমন্ত্ৰী উপস্থিত থকা এই অনুষ্ঠানলৈ অনাৰো অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই ।
লগতে পঢ়ক: শাস্ত্ৰীয় সংগীতকাৰ ওস্তাদ গোলাম মুস্তাফা খানৰ দেহাৱসান