ETV Bharat / state

নুমলীগড় শোধনাগাৰত ভুৱা প্ৰমাণ পত্ৰৰে কৰ্মৰত হৈ আছে শ শ লোক - গোলাঘাট নুমলীগড় শোধনাগাৰত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ বেহা

গোলাঘাট নুমলীগড় শোধনাগাৰত অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ অভিযোগ গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ । অৰ্ধশতাধিক লোকে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লৈ বৰ্তমান কৰ্মৰত  নুমলীগড় শোধনাগাৰত ।

গোলাঘাট নুমলীগড় শোধনাগাৰত  ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি কৰ্মৰত হৈ আছে শ শ লোক
author img

By

Published : Nov 24, 2019, 4:46 PM IST

গোলাঘাট,24 নৱেম্বৰ : ৰাজ্যত ব্যাপক হাৰত চলিছে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ বেহা । শেহতীয়াকৈ আৰ টি আয়(RTI) জৰিয়তে ৰাজ্যত পোহৰলৈ আহিছে অনুসূচীত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ লৈ চাকৰি লোৱাৰ এক ভয়ংকৰ তথ্য । ৰাজ্যৰ চৰকাৰী খণ্ডত ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি কৰ্মৰত হৈ আছে শ শ লোক । সমান্তৰাল ভাৱে ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নুমলীগড় তেল শোধনাগাৰত এনেদৰে ভুৱা জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি বিভিন্ন বিভাগত প্ৰায় অৰ্ধশতাধিক লোক কৰ্মৰত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷ তথ্য সহকাৰে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই । এক সংবাদ মেল আয়োজন কৰি সংগঠনটোৱে নিজাববীয়াকৈ চৰজমিন তদন্ত কৰি পোহৰলৈ আনিছে এই ভয়ংকৰ জালিয়াতিৰ তথ্য ।

গোলাঘাট নুমলীগড় শোধনাগাৰত ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি কৰ্মৰত হৈ আছে শ শ লোক

বিশেষকৈ সংগঠনটোৱে ক্ৰমে গৌতম চন্দ্ৰ বৰা(GET ,MECHANCAL),চিৰঞ্জীৱ পাৰে(GET ,CHIVIL) ,নবীন ডেকা(PROCESS OPERATOR),দ্ৰেৱেন্দ্ৰ শইকীয়া (FIRE MAN),ফুকন চন্দ্ৰ ডেকা ,(TECHNICIAN),সঞ্জীৱ কুমাৰ দাস(TECHNICIAN),উৎপল তালুকদাৰ(TECHNICIAN)নামৰ নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী সকলক ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱা বুলি গুৰুত্বৰ অভিযোগ আনে । অভিযোগ অনুসৰি অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি শোধনাগাৰত কৰ্মৰত অৱস্থাত থকা 90 জনৰ ভিতৰত প্ৰায় 60 জনেই ভুৱা জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱা । আনফালে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক দহ দিনৰ ভিতৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা দাবী উত্থাপন কৰি লিখিতভাৱে জনাইছিল সংগঠনটোৱে । কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বৃহৎ ধনৰ লেন দেনৰ জৰিয়তে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ লগতে এই কাৰ্যত ক্ষোভিত হৈ বৰ্তমান জংগী আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা কৰিছে গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:এটা বেংক একাউণ্টৰ দুজন গৰাকীঃ এজন হুকুম সিং সুখী, আনজন দুখী

Intro:গোলাঘাট নুমলীগড় শোধনাগাৰত  অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ অভিযোগ গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ । অৰ্ধশতাধিক লোকে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লৈ বৰ্তমান কৰ্মৰত  নুমলীগড় শোধনাগাৰত ।

ৰাজ্যত ব্যাপক হাৰত চলিছে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ বেহা ।এই কথা আমাৰ নহয় ,শেহতীয়াকৈ RTI জৰিয়তে ৰাজ্যত পোহৰলৈ আহিছে অনুসূচীত জাতিৰ ভুৱা  প্ৰমাণ পত্ৰ লৈ চাকৰি লোৱাৰ এক ভয়ংকৰ তথ্য । ৰাজ্যৰ চৰকাৰী  খণ্ডত কৰ্মৰত হৈ আছে শ শ লোক ।সমান্তৰাল ভাৱে ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নুমলীগড় তেল শোধনাগাৰত এনেদৰে ভুৱা জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি বিভিন্ন বিভাগত প্ৰায় অৰ্ধশতাধিক লোক কৰ্মৰত হৈ থকাৰ কথা তথ্য সহকাৰে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলা অনুসূচীত জাতি ছাত্র সন্থাই ।এক সংবাদ মেল আয়োজন কৰি সংগঠনটোৱে নিজা ববীয়াকৈ স্বজমিন তদন্ত কৰি পোহৰলৈ আনিছে এই ভয়ংকৰ জালিয়াতি তথ্য ।সংগঠনটোৱে ক্ৰমে গৌতম চন্দ্ৰ বৰা(GET ,MECHANCAL),চিৰঞ্জীৱ পাৰে(GET ,CHIVIL) ,নবীন ডেকা(PROCESS OPERATOR),দ্ৰেৱেন্দ্ৰ শইকীয়া (FIRE MAN),ফুকন চন্দ্ৰ ডেকা ,(TECHNICIAN),সঞ্জীৱ কুমাৰ দাস(TECHNICIAN),উৎপল তালুকদাৰ(TECHNICIAN)নামৰ নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী সকলক ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লোৱা বুলি গুৰুত্বৰ অভিযোগ আনে ।অভিযোগ অনুসৰি অনুসূচীত  জাতিৰ  প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি শোধনাগাৰত কৰ্মৰত অৱস্থাত থকা 90 জনৰ ভিতৰত প্ৰায় 60 জনেই ভুৱা জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱা । সংগঠনটোৱে ইতিমধ্যে দুমাহ পূৰ্বে এটা গোচৰ ৰুজু কৰাৰ উপৰি গোলাঘাট জিলা উপায়ুক্তক তদন্তৰ বাবে দাবী পত্ৰ প্ৰদান কৰিছে ।আনফালে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক দহ দিনৰ  ভিতৰত বিহীত ব্যৱস্থা  গ্ৰহণ কৰা দাবী উত্থাপন কৰি লিখিতভাৱে জনাৱাইছিল ।কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বৃহৎ ধনৰ লেন দেনৰ জৰিয়তে দোষীক।ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।যাৰ বাবে ক্ষোভিত হৈ গোলাঘাট জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই জংগী আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা কৰিছে ।Body:Byte 1 : নেতা ( অনুসূচীত জাতি ছাত্ৰ সন্থা)Conclusion:গোলাঘাট পৰা চামিম আলি ই.টি.ভি ভাৰত অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.