সৰুপথাৰ 19 এপ্ৰিলঃ প্ৰতি বছৰৰ দৰে এইবাৰো চুতীয়া জনগোষ্ঠীয়ে বীৰাংগনা সতী সাধনী দিৱস ৭ বহাগত উদযাপন কৰিবলৈ লোৱা হৈছিল। বৰ্তমান সমগ্ৰ বিশ্বত যি কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিছে তাৰ ফলত এতিয়া বীৰাংগনা সতী সাধনী দিৱস গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই উলহ মালহেৰে উদযাপন কৰা পৰা বিৰত থাকে ৷
অনুষ্টুপীয়াকৈ ধনশিৰি,গোলাঘাট ,আৰু বোকাখাত এই তিনিওটা মহকুমাতেই কেৱল মাত্ৰ পতাকা উত্তোলন,আৰু বীৰাংগনা সতী সাধনী আইৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি গোলাঘাট জিলা চুতীয়া ছাত্র সন্থাৰ সম্পাদক কুলেশ বৰাই জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও সমূহ অসমবাসীক ৭ বহাগ সোমবাৰে প্ৰতি ঘৰ চুতীয়া জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠীৰ ৰাইজ আৰু অন্য জাতি জনগোষ্ঠী ৰাইজৰ প্ৰতিজন সদস্যই এগছিকৈ বন্তি প্ৰজ্বলন কৰিবৰ বাবে গোলাঘাট চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনায় ।
লগতে পঢক ঃকলিয়াবৰত উদ্ধাৰ এটা হৰিণা পহু