গোলাঘাট,13জুলাই: গোলাঘাট জিলাৰ নুমলীগড়ত পথৰ দুৰৱস্থা ৷ স্বাধীনতাৰ ৭৩ বছৰ পাৰ হোৱাৰ পাছতো চৰকাৰী উন্নয়নে ঢুকি নাপালে জিলাখনৰ ফলঙনী গাঁও পঞ্চায়তৰ এই জৰাজীৰ্ণ গ্ৰাম্য পথ ৷ পথত একাঠু বোকা ৷ খুদ বিজেপি কৰ্মীয়ে বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিলে ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে বিজেপি কৰ্মীগৰাকীয়ে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ পথটোৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী ৷ পথটোৰ দুৰৱস্থাৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷
অন্য এক খবৰৰ বাবে: গোলাঘাটৰ মহুৰামুখত বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজনৰ
স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, এই পথটো মেৰামতিৰ বাবে বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন জনোৱা হৈছে যদিও বিভাগৰ ফালৰ পৰা কোনো ফলাফল লাভ কৰা নাই ৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত বহুটো প্ৰতিশ্ৰুতি দিয়ে যদিও বৰ্তমানেও পথটো মেৰামতি হোৱা নাই ৷