গোলাঘাট, ২৪ মে': গোলাঘাট জিলাৰ অকা তিনিআলিত সংঘটিত এক জঘন্য কাণ্ডই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । শাৰীৰিকভাৱে অক্ষম এগৰাকী যুৱতীক ঘৰত কোনো নথকাৰ সুযোগত শেনছোৱা গাঁৱৰ নিত্যানন্দ গগৈ নামৰ এটা লম্পটে ধৰ্ষণ কৰাৰ বাতৰি পোহৰলৈ আহিছে । দিন হাজিৰা কৰা পিতৃ - মাতৃ ঘৰত নথকাৰ সুযোগত এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ লম্পটটোৰ ।
শুকুৰবাৰে নিত্যানন্দ গগৈক স্থানীয় ৰাইজে হাতে-লুটে ধৰি উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে । উল্লেখ্য যে, স্থানীয় এটা পৰিয়ালত কাঠ মিস্ত্ৰী হিচাপে কাম কৰা লম্পটটোৱে যুৱতী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অসৎ কাৰ্য চৰিতাৰ্থ কৰে । বৰ্তমান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট নিত্যানন্দক ।