গোলাঘাট,20 অক্টোবৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ দুই নং পংকা গ্ৰাণ্টৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত তেল চুৰি থকা অৱস্থাত তিনিজনকৈ ব্যক্তিক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নুমলীগড় আৰক্ষীয়ে অভিযান চলাই এ এছ 05 চি 2044 আৰু এন এল 02 এন 6951 নম্বৰৰ টেংকাৰ দুখনৰ পৰা 12 টা তেল ভৰ্তি গেলেন, তেল চুৰিত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে নুমলীগড় আৰক্ষীয়ে ৷ লগতে কৰায়ত্ত কৰে তেজিন্দ্ৰ গগৈ, দীপক মাহাতো আৰু জিতেন্দ্ৰ কুমাৰ পাছোৱান নামৰ তিনিজন ব্যক্তিক ৷ আৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে জুন কাকতি আৰু দীনেশ হাজৰিকা নামৰ আন দুজন ব্যক্তি ৷ ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে ঘটনা প্ৰসংগত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লগতে চাওকঃ দুৰ্গা পূজাত যান-বাহনৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা কেতবোৰ নিয়ম