গোলাঘাট, 21 ডিচেম্বৰ: সদৌ শেষত গোলাঘাট আৰক্ষীৰ হাতলৈ আহিল গেৰেলা-বিস্কুট ৷ দীৰ্ঘদিনে গোলাঘাটবাসীৰ শোৱা-খোৱাত ব্যাঘাত জন্মাই অহাৰ লগতে গেৰেলা-বিস্কুটৰ বাবে অধিক ব্যস্ত হৈ পৰিছিল গোলাঘাট আৰক্ষী ৷ মঙলবাৰে গোলাঘাট আৰক্ষীৰ তৎপৰতাত স্বস্তিৰ নিশ্বাস পেলালে গোলাঘাটবাসীয়ে ৷
এটা বৃহৎ বাইক চুৰি চক্ৰৰ অন্যতম সদস্য এই দুই গেৰেলা-বিস্কুট । চোৰ দুটাৰ প্ৰকৃত নাম ক্ৰমে গুডু দাস আৰু পাৰ্থ কলিতা ৷ বিগত বহুদিন ধৰি গোলাঘাটৰ বিভিন্ন প্ৰান্তত বাইক চুৰিৰে সন্ত্ৰাস চলাই অহা বৃহৎ চক্ৰটোৰ এই দুই সদস্য সম্প্ৰতি গোলাঘাট আৰক্ষীৰ জালত (Golaghat police arrested dreaded bike lifter)। গোলাঘাট আৰক্ষীয়ে এক অভিযানৰ ভিত্তিত যোৰহাটৰ এটা অঞ্চলৰ পৰা এই দুই গভাইত চোৰক কৰায়ত্ব কৰে ।
উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি গোলাঘাটৰ এৰেঙাপাৰা, আমোলাপট্টি, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চুৰি হোৱা কেইবাখনো বাইকৰ চুৰিকাণ্ডৰ লগত জড়িত এই দুই গভাইত চোৰক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে গোলাঘাটত বাইক চুৰিৰ এই বৃহৎ গেঙটোৰ তথ্য । গোলাঘাটৰ পৰা নাগালেণ্ডলৈ নিয়া হয় চুৰি বাইকসমূহ । মংগলবাৰে গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চুৰিকাণ্ড সংঘটিত হোৱা বিভিন্ন স্থানত চলায় অভিযান । আটকাধীন দুই গভাইত চোৰে চুৰিকাণ্ডৰ বৰ্ণনাও দিলে কেমেৰাৰ সন্মুখত ।
উল্লেখ্য যে, গেৰেলা আৰু বিস্কুট নামৰ দুই চোৰে চুৰিকাণ্ড সংঘটিত কৰি মেৰাপানীৰ চন্দন দাস ওৰফে সৰু ল'ৰা আৰু মিন্টু দাসক গতাই দিয়ে আৰু সেই দুই সৰবৰাহকাৰীয়ে চুৰি বাইকসমূহ বিক্ৰী কৰে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত । সম্প্ৰতি গোলাঘাট আৰক্ষীয়ে চুৰি হোৱা বাইকসমূহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, ধৃত চন্দন দাস আৰু মিন্টু দাস পূৰ্বতেও গোলাঘাটত মোবাইল টাৱাৰৰ বেটাৰী চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল ।