গোলাঘাট,18 জানুৱাৰীঃ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে "কা" বিৰোধী প্ৰতিবাদ ৷ গোলাঘাটৰ ঘিলাধাৰীবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ‘গণ হুংকাৰ’ কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী মহেন্দ্ৰ হাজৰিকাই ৷
উল্লেখ্য যে, মহেন্দ্ৰ হাজৰিকাই ৰাজনীতিলৈ আহিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে, তেখেতে ৰাজনীতিলৈ অহাৰ কোনো চিন্তা-চৰ্চা কৰা নাই ৷ আনহাতে, প্ৰতিবাদস্থলীত বিপ্লৱী গীত পৰিৱেশনেৰে শাসনাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে শিল্পীগৰাকীয়ে |
লগতে পঢ়ক-অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি