ETV Bharat / state

লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মদ মুক্ত দাবী সমিতিৰ - খাদ্য সুৰক্ষা বিভাগ

অসম চৰকাৰৰ বিৰুদ্ধে মদ মুক্ত দাবী সমিতিৰ অভিযোগ, লালীগুড়ৰ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিছে অসম চৰকাৰে

লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মদ মুক্ত দাবী সমিতিৰ
author img

By

Published : Mar 14, 2019, 9:06 PM IST

গোলাঘাট, ১৪মাৰ্চ: গোলাঘাট আৰু যোৰহাট জিলাৰ ডেৰ শতাধিক লোকে বিষাক্ত চুলাই পান কৰি প্ৰাণ আহুতি দিয়া ঘটনাৰ পিছতেই খাদ্য সুৰক্ষা বিভাগে চলোৱা এক অভিযানত পোহৰলৈ আহিছিল চুলাই মদৰ লগত বিষাক্ত লালীগুড় সংমিশ্ৰণৰ কথা । যাৰ বাবে ৰাজ্যজুৰি এই ঘটনাৰ লগত জড়িত লালীগুড় ব্যৱসায়িক উচিত শাস্তি বিহাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । অসম চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব ন্যস্ত কৰিছিল উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক । কিন্তু বৃহস্পতিবাৰে মদ মুক্ত দাবী সমিতিয়ে অসম চৰকাৰে লালীগুড় ব্যৱসায়িক ৰক্ষণাবেক্ষণ দি আছে বুলি অভিযোগ উত্থাপন কৰি কয় বৰ্তমানেও লালীগুড়ৰ ব্যৱসায়ী লালচন্দ আগৰৱালাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী । লগতে তদন্তকাৰী বিষয়াই লালীগুড়ৰ গুদাম পৰিদৰ্শন কৰিবলৈও সময় পোৱা নাই বুলি মত প্ৰকাশ মদ মুক্ত দাবী সমিতিৰ । ইপিনে গোলাঘাটৰ তদানীন্তন উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক তদন্তৰ আওতালৈ আনিবলৈও দাবী জনাইছে বিভিন্ন মহলে ।

Golaghat 14.03.2019
SLUG : GOLAGHAT LIQUOR PUBLIC HEARING
A_GLT_805_14MAR_GOLAGHAT_PUBLIC_HEARING_VISUAL_1_DIGANTA_SAHU
A_GLT_806_14MAR_GOLAGHAT_PUBLIC_HEARING_VISUAL_2_DIGANTA_SAHU
A_GLT_807_14MAR_GOLAGHAT_PUBLIC_HEARING_BYTE_1_DIGANTA_SAHU
A_GLT_808_14MAR_GOLAGHAT_PUBLIC_HEARING_BYTE_2_DIGANTA_SAHU
A_GLT_809_14MAR_GOLAGHAT_PUBLIC_HEARING_BYTE_3_DIGANTA_SAHU
A_GLT_810_14MAR_GOLAGHAT_PUBLIC_HEARING_BYTE_4_DIGANTA_SAHU
O.C. : শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেদীৰ তদন্ত ভেকোভাওনালৈ পৰ্যবসিত হৈছে। লালীগুড়ৰ ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিবৰ বাবেহে অসম চৰকাৰৰ তদন্ত। এই অভিযোগ মদ মুক্ত দাবী সমিতি অসমৰ।
V.O. : শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেদী। গোলাঘাট, যোৰহাটৰ ডেৰ শতাধিকে বিষাক্ত চুলাই সেৱন কৰি প্ৰাণাহুতি দিয়াৰ পিছত অসম চৰকাৰে উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক তদন্তৰ দায়িত্ব ন্যস্ত কৰে। কিন্তু এতিয়া অতি সন্তৰ্পণে চলিছে তদন্ত। অভিযোগ উঠিছে লালীগুড়ৰ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিবৰ বাবে এই তদন্ত। এতিয়াও লালীগুড়ৰ ব্যৱসায়ী লালচন্দ আগৰৱালাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল গোলাঘাট আৰক্ষী। তদন্তকাৰী বিষয়াই এইপৰ্যন্ত লালীগুড়ৰ গুদাম পৰিদৰ্শন কৰাৰ আহৰি নাপালে।গোলাঘাটৰ তদানীন্তন উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে বিভিন্ন মহলে। প্ৰশ্ন উঠিছে, চুলাই ট্ৰেজেদীৰ তদন্তৰ নামটো উৎকোচ লোৱাৰ ফন্দি পাতিছে নেকি সংশ্লিষ্ট সকলে।
Byte 1 : সভাপতি, মদমুক্ত দাবী সমিতি।
Byte 2: সাক্ষ্য দিওতা।
Byte 3: সাক্ষ্য দিওতা।
Byte 4: DSP, Golaghat
Byte 5: Superintendent, KKCH
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.