গোলাঘাট, 26 জুনঃ কৰ'ণা ভাইৰাছ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিব আৰম্ভ কৰিছে গোলাঘাটত ৷ বুধবাৰে গোলাঘাট জিলাত নতুনকৈ চিনাক্ত হোৱা COVID 19 ৰোগীৰ দুজনৰ নাই কোনো ভ্ৰমণ ইতিবৃত্ত । একেদৰে বৃহস্পতিবাৰে ৩৬ গৰাকী COVID পজিটিভ চিনাক্ত হোৱা অধিকাংশই গোলাঘাটতেই থকা লোক ।
গোলাঘাট নগৰৰ কাপোৰ ব্যৱসায়ী ৰমেন মেধি আৰু গোলাঘাট লাইফ লাইন চিকিৎসালয়ৰ কৰ্মচাৰী জয়ন্ত সিনহাৰ শৰীৰত ধৰা পৰিছিল কৰ’ণা পজিটিভ । কাপোৰ ব্যৱসায়ী গৰাকী গোলাঘাট নাৰ্চিং হোমৰ এগৰাকী নাৰ্চৰ সংস্পৰ্শলৈ অহাৰ তথ্য লাভ কৰিছে গোলাঘাট প্ৰশাসনে । ইতিমধ্যে কাপোৰ ব্যৱসায়ী আৰু গোলাঘাট লাইফ লাইনৰ ব্যক্তি দুজনৰ সংস্পৰ্শলৈ আহিছে বহুলোক।
আনহাতে গোলাঘাটৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান গোলাঘাট কমাৰ্চ কলেজৰ অধ্যক্ষৰ দেহত ধৰা পৰিছে COVID পজিটিভ । অধ্যক্ষ জগত শইকীয়াৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ শৰীৰতেই ধৰা পৰিছে এই মহামাৰী ৷ জগত শইকীয়াৰ কন্যা দিল্লীৰ পৰা আহি ঘৰত কোৱাৰেন্টাইন হৈ থকাৰ সময়ত হোম কোৱান্টাইনৰ নিয়ম নামানি পৰিয়ালৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে । যাৰ ফলত আটাইকেইজন সদস্যৰে দেহত ধৰা পৰিছে এই ৰোগ ৷

বৰ্তমান এইদৰে ইটোৰ পিছত সিটো সংক্ৰমণে ভয়াৱহতা সৃষ্টি কৰিছে গোলাঘাটত। বহুতেই গোলাঘাটত গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে ৷
লগতে পঢ়কঃ ৰাজ্যত পুনৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !