ETV Bharat / state

চিকিৎসাধীন বৃদ্ধ ৰোগী উদ্ধাৰ নলাত !

গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে কিমান সুৰক্ষিত ? চিকিৎসালয় কৰ্তৃপক্ষ কিমান সফল চিকিৎসালয়খন পৰিচালনাৰ ক্ষেত্ৰত ? তাৰ প্ৰমাণ নিশা নলাত পৰি থকা চিকিৎসাধীন এজন বৃদ্ধ ৰোগী ।

author img

By

Published : Jun 29, 2019, 3:08 PM IST

গোলাঘাটত চিকিৎসাৰত এগৰাকী বৃদ্ধৰোগী নলাত উদ্ধাৰ

গোলাঘাট,29জুনঃ গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে অসুৰক্ষিত । চিকিৎসালয় কৰ্তৃপক্ষৰ অজ্ঞাতে এজন ৰোগী চিকিৎসালয়ৰ বিপৰীতে এটা নলাত উদ্ধাৰ ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰৰ নিশা গোলাঘাট জিলা সাংবাদিক সন্থা, প্ৰেছ ক্লাবৰ কাৰ্যালয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখত এটা নলাত পৰি আছিল এজন বৃদ্ধ লোক । শুনি আচৰিত লাগিলেও নলাত পৰি থকা বৃদ্ধ ৰোগীগৰাকী গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ মেডিচিন বিভাগৰ 27 নম্বৰ বিচনাত ভৰ্তি আছিল । লগতে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা বৃদ্ধ জনৰ হাতত লাগি আছিল চেলাইন দিয়া কেনুলা । লগে লগে বৃদ্ধ জনক সাংবাদিকৰ এটা দলে উদ্ধাৰ কৰি পুনৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ উল্লেখ্য যে, ৰোগীজনে নলাত কেনেকৈ পৰিলগৈ সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল ৷ ইয়াৰ পাচতে চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত থকা এজন ৰোগী আহি নগৰৰ নলাত পৰি থকা বিষয়টোৱে এতিয়া চিকিৎসালয়খনৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

Intro:গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে কিমান সুৰক্ষিত। চিকিৎসালয় কতৃপক্ষ কিমান সফল চিকিৎসালয় খন পৰিচালনাৰ ক্ষেত্ৰত। তাৰ প্ৰমাণ নিশা নলাত পৰি থকা চিকিৎসাৰত এজন বৃদ্ধ ৰোগী। Body:গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয় এতিয়া ৰোগীৰ বাবে কিমান সুৰক্ষিত। চিকিৎসালয় কতৃপক্ষ কিমান সফল চিকিৎসালয় খন পৰিচালনাৰ ক্ষেত্ৰত। তাৰ প্ৰমাণ নিশা নলাত পৰি থকা চিকিৎসাৰত এজন বৃদ্ধ ৰোগী। শুনি আচৰিত হব যে গোলাঘাট নগৰৰ এটা নলাত পৰি থকা বৃদ্ধ ৰোগী গৰাকী গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ মেডিচিন বিভাগৰ 27 নম্বৰ বিচনাত ভৰ্তি আছিল। হয়, গোলাঘাট জিলা সাংবাদিক সন্থা, প্ৰেছ ক্লাবৰ কাৰ্য্যালয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাস ভৱনৰ সমূখত এটা নলাত পৰি আছিল এজন অজান বৃদ্ধ লোক। মৃত্যু যন্ত্ৰণাত ছটফটাই থকা বৃদ্ধ জনৰ হাতত লাগি আছিল চেলাইন দিয়া কেনুলা। লগে লগে বৃদ্ধ জনৰ মূখত পানী দি সাংবাদিক দিগন্ত ভূঞা, শান্তনু দত্ত, আৰ. জি. কৰ্মকাৰ, ভাস্কৰজ্যোতি ৰাজখোৱা, ৰিকি দে, জীতেন কাকতিয়ে তেওঁলোকৰ গাড়ীখনতে উঠাই গোলাঘাট অসামৰিক চিকিৎসালয় পোৱালোগৈ। বৃদ্ধ জন নলাত পৰি থকা অৱস্থাত চাই আছিল কেইজনমান আৰক্ষীৰ লোকে। চিকিৎসালয়ত বৃদ্ধ ৰোগী জনৰ জ্ঞান ঘুৰি আহিল যদিও ব্যক্তিজনে নিজৰ নাম, ক'ৰ পৰা গৈ নলাত পৰিল একোকে ক'ব নোৱাৰে তেনে অৱস্থাতে হঠাৎ এজন চিকিৎসা কৰ্মী আহি কৰ্তব্যৰত চিকিৎসকক কলেহি "ছাৰ আমাৰ ২৭ নম্বৰ বিচনাত থকা ৰোগীহে এইজন"। সাংবাদিকৰ দলটোৱে চিকিৎসালয় কৰ্তৃপক্ষক চমজাই গুছি আহিল। সাংবাদিকৰ তৎপৰতাত অন্ততঃ প্ৰাণ ৰক্ষা পৰিল এজন বৃদ্ধ ৰোগীৰ। এতিয়া প্ৰশ্ন হল চিকিৎসালয়ৰ বিচনাত থকা এজন ৰোগী কেনেকৈ আহি নগৰৰ নলাত পৰিল? প্ৰকৃততে এনেদৰে আহি নগৰৰ নাতি দূৰৰ নলাত মৃত্যু যন্ত্ৰণাত ছটফটাই থকা বৃদ্ধ জনে চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ দিশ উদঙাই দিয়া নাই নে? চিকিৎসালয় কতৃপক্ষৰ নিয়ন্ত্রণ নাই নেকি চিকিৎসালয় খনৰ চিকিৎসা কৰ্মীৰ ওপৰত। চিকিৎসালয় খনত চিকিৎসাৰত অৱস্থাত থকা এজন ৰোগী আহি নগৰৰ নলাত পৰি থকা বিষয়টোৱে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে চিকিৎসালয় খনৰ ক্ষেত্ৰতConclusion:Byte 1: সাংবাদিক
Byte 2: সাংবাদিক
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.