গোলাঘাট, 2 আগষ্ট : গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দিন দুপৰতে পাৰ হয় বনৰীয়া হাতীৰ জাক । নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় পঞ্চাশ জনীয়া হাতীৰ জাকৰ অৱস্থান থুৰাজান চাহ বাগিচাত ৷ বন্যহস্তীৰ বৃহৎ জাকক লৈ শংকিত গঞা ৰাইজ ৷ উল্লেখ্য যে, এতিয়া নিশা হ’লেই নামবৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজে বন্যহস্তীৰে সহাৱস্থান কৰিবলগীয়া হয় ৷ গাঁওবাসীয়ে এতিয়া চকুৰ টিপ নমৰাকৈ পাৰ কৰিবলগীয়া হৈছে প্ৰতিটো ৰজনী কিয়নো কোন সময়ত বন্যহস্তীয়ে আহি বাসগৃহ ধ্বংস কৰে তাৰ কোনো ঠিকনা নাই ৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল ৰাইজৰ ইমান বিলাই-বিপত্তিৰ মাজতো কুম্ভকৰ্ণৰ নিদ্ৰাত বনবিভাগ ৷ গোলাঘাট জিলাৰ বন্যহস্তীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান সন্দৰ্ভত সম্পূৰ্ণ উদাসীন চৰকাৰ তথা বনবিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসন ৷ বছৰ বছৰ ধৰি চলি অহা হাতী মানুহৰ সংঘাতৰ কোনো স্থায়ী সমাধান নাই চৰকাৰৰ ওচৰত ৷
গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস - Assam
হাতীৰ বৃহৎ জাকে ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত দিন দুপৰতে সৃষ্টি কৰে আতংকৰ ৷ শংকিত ৰাইজ ৷