গোলঘাট,27 জুনঃ গোলাঘাটৰ নুমলীগড় চাহ বাগিচাৰ বৰমহৰী পথাৰত বন্য হস্তীৰ ত্ৰাস । পাত চিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ চোঁচা লয় বনাঞ্চলৰ পৰা উলাই অহা বন্য হস্তীৰ জাকে ৷ যাৰফলত আধাতে কাম এৰি পলায়ন কৰিব লগা হয় শ্ৰমিকসকলে ।
নুমলীগড় চাহ বাগিচাৰ বৰমহৰী পথাৰ লাইনত বন্যহস্তীৰ দলটোৱে চলাই ত্ৰাস ৷ জানিব পৰা অনুসৰি পোৱালীসহ বন্যহস্তীৰ জাকে অতৰ্কিতে প্ৰৱেশ কৰে বাগানৰ লাইনত। যাৰ ফলত বাগানত পাত চিঙিবলৈ যোৱা মহিলা শ্ৰমিকৰ মাজত লাগে হোৱা দোৱা। হাতীৰ জাকটোৱে পাত চিঙিবলৈ অহা মহিলা শ্ৰমিক সকলক আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও কথমপি পলায়ন কৰে শ্ৰমিকসকলে ।

ইফালে দিন দুপৰতে বাগানৰ লাইনটো প্ৰৱেশ কৰে বন্য হস্তীৰ জাকটোৱে । বৰ্তমানেও চাহ বাগিচাখনত বিচৰণ কৰি আছে হাতীৰ বৃহৎ জাকটোৱে। যাৰ ফলত আতংকিত হৈছে বাগিচাখনৰ শ্ৰমিক সকল ।
লগতে চাওকঃ কইনা ঘৰ পানীৰ তলত,নাও লৈ ওলালগৈ দৰা