গোলাঘাট, 5 ফেব্ৰুৱাৰী: গোলাঘাটত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । গোলাঘাটত আঠখেলীয়া বেবেজীয়া গাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ । বুধবাৰে গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই আঠখেলীয়া বেবেজীয়া গাঁৱৰ ৰেকিবুদ্দিন আলি আৰু তেওঁৰ পত্নীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰু দুয়োকে গ্ৰেপ্তাৰ কৰে । ৰেকিবুদ্দিন আলিৰ বাসগৃহৰ পাকঘৰত মাটিত পুতি থোৱাৰ পৰা আৰক্ষীয়ে মাটি খান্দি ড্ৰাগছ আৰু এখন স্কুটিৰ চিটৰ তলৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰে । লগতে ড্ৰাগছ ব্যৱসায়ত ব্যৱহাৰ কৰা এখন AS 05L 1039 স্কুটি আৰু AS 05 H 9913 নম্বৰৰ বাইক জব্দ কৰে গোলাঘাট আৰক্ষীয়ে ৷
ইফালে, জুৰীয়াত ড্ৰাগছ সহ ব্যৱসায়ী আটক ৷ জুৰীয়া শিঙাৰীৰ পৰা ড্ৰাগছ সহ আছিফ এম ডি মোছাৰফ নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা বৃহৎ সংখ্যক ড্ৰাগছ সহ পুনৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত জুৰীয়া থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় ড্ৰাগছ ব্যৱসায়ী জন। পূৰ্বতেও ড্ৰাগছ সহ আৰক্ষীৰ হাতত আটক হৈছিল লোক জন । কিন্তু জেলৰ পৰা ওলায় পুনৰ লিপ্ত হৈছিল ড্ৰাগছৰ ব্যৱসায়ত ৷
![Golaghat drugs paddler arrest with drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5964688_gola_drugs.jpg)
লগতে পঢ়ক:গোলাঘাটত জব্দ নিষিদ্ধ নিচাযুক্ত টেবলেট