ETV Bharat / state

Doyang Hydro Project : গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত প্ৰতিনিধি দলৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন - নাগালেণ্ডৰ ওখা জিলা

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত অধিক প্ৰভাৱ নপৰাকৈ নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে পানী : নীপকো কৰ্তৃপক্ষৰ দাবী । উভয় জিলাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাত গুৰুত্ব আৰোপ গোলাঘাট আৰু ওখা জিলা মুৰব্বীৰ ।

Golaghat DC Visit Doyang Hydro Electric Project
দৈয়াং জলবিদ্যুৎ প্ৰকল্প
author img

By

Published : Aug 12, 2023, 10:48 PM IST

গোলাঘাট, 12 আগষ্ট : নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন গোলাঘাটৰ জিলা আয়ুক্তৰ ৷ গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা প্ৰশাসন তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে শনিবাৰে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পটো পৰিদৰ্শন কৰে ৷ ওখাৰ জিলা উপায়ুক্ত অজিৎ কুমাৰ ৰঞ্জন, নীপকো কৰ্তৃপক্ষ আৰু নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় তেওঁলোক ৷

Golaghat DC Visit Doyang Hydro Electric Project
দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন

এই পৰিদৰ্শনকালত ওখাৰ জিলা উপায়ুক্ত আৰু নীপকোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী পৰ্যায়ক্ৰমে আৰু নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে যাতে নামনি অংশত ইয়াৰ অধিক প্ৰভাৱ নপৰে ৷ গোলাঘাটৰ জিলা আয়ুক্ত আৰু প্ৰতিনিধি দলটোক নাগালেণ্ড প্ৰশাসন আৰু নীপকো কৰ্তৃপক্ষৰ তৰফৰ পৰা আশ্বস্ত কৰা হয় যে গোলাঘাট জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবে অতি সতৰ্ক হৈ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে ৷ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ নিৰীক্ষণ আৰু পানী এৰি দিয়া প্ৰক্ৰিয়াটোৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞৰ দল নিয়োগ কৰা হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷ গোলাঘাটৰ জিলা আয়ুক্তগৰাকীয়ে এই পৰিদৰ্শনকালত নীপকো কৰ্তৃপক্ষই আগতীয়াকৈ গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰা আৰু তথ্যসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আদান-প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত প্ৰতিনিধি দলৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন

গোলাঘাটৰ আয়ুক্ত গৰাকীয়ে কয় যে দৈয়াং নদীৰ পানী নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব পৰাকৈ পানী এৰিলে গোলাঘাট জিলাবাসীয়ে কোনো ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পৰা ৰক্ষা পৰিব ৷ তেওঁ এইক্ষেত্ৰত নীপকো কৰ্তৃপক্ষই যোৱা তিনিদিনত লোৱা সতৰ্ক ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যৎ সময়ত সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িবলৈ আহ্বান জনায় ৷ জিলা আয়ুক্তকে ধৰি দলটোক পানী এৰি দিয়া সমগ্ৰ প্ৰক্ৰিয়াটো কাৰিকৰী বিশেষজ্ঞই বিতংভাৱে অৱগত কৰায় ৷ তেওঁলোকে জানিবলৈ দিয়ে যে নাগালেণ্ডত বৰষুণৰ পৰিমাণ কমিলে ৰিজাৰ্ভাৰৰ পানীও হ্ৰাস পাব আৰু জলস্তৰ ইএল 321 মিটাৰলৈ নামিলেই ৰেডিয়েল গেটসমূহ বন্ধ কৰি দিয়া হ'ব ৷ জিলা মুৰব্বী দুগৰাকীয়ে সীমান্ত অঞ্চলকে ধৰি উভয় জিলাৰ জনসাধাৰণৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

এইক্ষেত্ৰত দুয়োখন জিলাৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক বিনিময় আৰু আনুসংগিক কেতবোৰ বিষয় লৈও দুয়ো আলোচনা কৰে ৷ উল্লেখযোগ্য যে ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত নীপকো কৰ্তৃপক্ষই যোৱা 10 আগষ্টৰ পুৱা 10.30 বজাৰ পৰা ৰিজাৰ্ভাৰটোৰ ৰেডিয়েল গেটসমূহ খুলি পৰ্যায়ক্ৰমে পানী এৰি আছে ৷ শনিবাৰে পুৱা 6 বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল 322.80 মিটাৰ ৷ ৰিজাৰ্ভাৰটোৰ চাৰিখন ৰেডিয়েল গেটেৰে পানী এৰি থকা হৈছে যদিও নিয়ন্ত্ৰিতভাৱে এৰাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ অধিক অৱনতি ঘটা নাই ৷ নীপকো কৰ্তৃপক্ষ আৰু গোলাঘাট জিলা প্ৰশাসনে নিয়মীয়াকৈ তথ্যৰ আদান-প্ৰদান কৰি আছে ৷ জিলা আয়ুক্তগৰাকীয়ে গোলাঘাট জিলাবাসীক শংকিত নহৈ সতৰ্ক হৈ থাকিবলৈহে আহ্বান জনাইছে ৷

লগতে পঢ়ক : Arunachal Hydro electric project: কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ উপস্থিতিত অৰুণাচলত ১৩টা জলবিদ্যুৎ প্ৰকল্পৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.