ETV Bharat / state

নিৰ্বাচনৰ সন্দৰ্ভত গোলাঘাটত উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Mar 2, 2021, 5:34 PM IST

গোলাঘাট জিলাৰ বিধানসভা সমষ্টিত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে । গোলাঘাট নিৰ্বাচনী জিলা অন্তৰ্গত খুমটাই আৰু গোলাঘাট সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলক ডাক বেলতৰ সুবিধা প্ৰদান কৰা হ’ব ৷

Golaghat DC press meet
নিৰ্বাচনৰ সন্দৰ্ভত গোলাঘাটত উপায়ুক্তৰ সংবাদমেল

গোলাঘাট, 2 মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ লগতে তৎপৰতা বৃদ্ধি পাইছে প্ৰশাসন । গোলাঘাটত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিবলৈ মঙলবাৰে জিলা প্ৰশাসনে এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত গোলাঘাট জিলা উপায়ুক্তই বিশেষভাৱে সক্ষম ভোটাৰসকলক ডাক বেলতযোগে ভোট দিয়াৰ সন্দৰ্ভত উল্লেখ কৰে ।

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাৰ বিধানসভা সমষ্টিত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে । গোলাঘাট নিৰ্বাচনী জিলা অন্তৰ্গত খুমটাই আৰু গোলাঘাট সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষম ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলক ডাক বেলতৰ সুবিধা প্ৰদান কৰা হ’ব বুলি গোলাঘাট জিলা প্ৰশাসনে জানিবলৈ দিয়ে । বি এল অ' আৰু আই চি দি এছৰ ছুপাৰভাইজাৰসকলে দুয়োটা সমষ্টিত ঘৰে ঘৰে গৈ বিশেষ ভাৱে সক্ষম আৰু ৮০ বছৰ উৰ্ধৰ ভোটাৰ সকলৰ নাম তালিকাত নিশ্চিত কৰাৰ চূড়ান্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । যিসকল ৮০ বছৰ উৰ্ধৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰে ডাক বেলত যোগে ভোট দিব বিচাৰে তেওঁলোকে 12D আবেদন পত্ৰৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । তেওঁলোকৰ আবেদন পত্ৰসমূহ জিলা প্ৰশাসনে ঘৰৰ পৰাই সংগ্ৰহ কৰিব বুলি সংবাদমেলত মন্তব্য কৰে গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে ।

লগতে পঢ়ক : বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.